অমিতাৰ গুটিৰ পৰা অমিতা হোৱালৈকে

এইবছৰ (2021 চনত) Hybrid অমিতাৰ গুটিৰ পৰা অমিতা হোৱালৈকে কেনেকৈ আগবাঢ়িছো তলত বৰ্ণনা কৰিলো।


অমিতাৰ hybrid গুটি online-ত আনিলো।

Hybrid Papaya seed packet

এৰাতি তিয়াই ৰাখিলোঁ।

Soaked in water

এক কেজিৰ দৈ অহা প্লাষ্টিকৰ পাত্ৰত মাটি, পচন সাৰ আৰু অলপ কেচু সাৰ মিলাই ল’লো। পাত্ৰটো self watering হোৱাকৈ তলৰ পৰা কাপোৰ ভৰাই দিলো।‌

মই সদায় কৰাৰ দৰে seed booster ব্যৱহাৰ কৰিছো। পাত্ৰটোত থকা মাটিৰ ওপৰত এটা এক inch মানৰ গাত কৰিলো।‌ গাতত চাহ চামুচৰ এক চামুচ seed booster দিলো।‌ এই‌ seed booster-ৰ ওপৰত এটা গুটি দিলো। গুটিটোৰ ওপৰত আকৌ‌ এচামুচ seed booster দি অলপ বহলাই দিলো যাতে গুটিটো যিমান ডাঙৰ সিমান খিনি মোটাকৈ  seed booster তাৰ ওপৰত থাকে। 

তাৰ পিছত সাৱধানে অলপ পানী ছটিয়াই পাত্ৰটো পুৰণা কাঁহী এখনত থৈ কাঁহীখনত পানী দি দিলো।


১৫/২০ দিন মানৰ ভিতৰত গুটি বিলাকৰ পৰা গজালি ওলাই সৰু সৰু পুলি হ’ল।

Papaya seeds germinated

40 দিনৰ পিছত পুলিখিনি এনেকুৱা হ’ল

45 দিনৰ পিছত পুলিবোৰ ৰুব পৰা হৈ যায়। কেনেকৈ ৰুলো‌ এই ভিডিঅ’টোত বুজাই দিছো। YouTube-ত পোৱা ৰুৱাৰ এটা নিয়মৰ ধৰণেৰে ৰুইছো।

Planting the seedlings after 45 days.

After two and a half months

3 ½ মাহত গছত ফুল ফুলিব ধৰিছে।

আজি 18-Sep-2021 তাৰিখে প্ৰথম অমিতাটো ইমান ডাঙৰ হৈছেগৈ।


17-April-2021 তাৰিখে গুটি সিচিছিলো, আজি এইখিনি পাইছোহি। 

১২-টা পুলিৰ পৰা নিজে ৬-টা ৰাখি বাকীকেইটা মোৰ ব্যৱসায়ৰ কৰ্মচাৰীৰ মাজত বিলাই দিছিলো। কাৰণ তাতকৈ বেছি অমিতা গছৰ বাবে মোৰ চাদত ঠাই নাই। 

এতিয়া চাওঁচোন কিমান অমিতা খাবলৈ পাওঁ।



Stock Market Course Image
Course image

আপোনাৰ যদি ষ্ট’ক মাৰ্কেটৰ (Stock Market or Share Market) বিষয়ে জানিবলৈ বা ষ্ট’ক কিনা-বেচা কৰিবলৈ আগ্ৰহ আছে, তেনেহ’লে এই কৰ্চটো কৰিলে বহুত উপকাৰ পাব। 

যিসকল একেবাৰে নতুন বা যিসকলে ২/৩ বছৰমান ষ্ট’ক মাৰ্কেটত কিনা-বেচা কৰি আছে, তেওঁলোকৰ বাবে এই কৰ্চটো design কৰা হৈছে। 

সবিশেষ জানিবলৈ ওপৰৰ লিংকটোত বা ফ’টোখনত ক্লিক কৰক। 


%d bloggers like this: