অমিতা খেতিৰ বাবে পানী নোৰোৱা বালিচহীয়া মাটি উপযুক্ত । গছৰ গুৰিত যদি বানপানী বা বৰষুণৰ পানী বেছিদিন জমা হৈ থাকে তেতিয়া গছবোৰ মৰি যোৱাৰ সম্ভাৱনা থাকে।
অমিতা গছ এজোপা যিহেতু তিনি / চাৰি বছৰৰ কাৰণে লগোৱা হয়, গতিকে বছৰৰ কোনো মাহতেই এনে যাতে নহয় সেইকথা মনত ৰাখি মাটিডৰা বাচি ল’ব লাগিব ।
বাৰিষাৰ দিনবোৰত বৰষুণৰ পানী ওলাই যাবৰ বাবে নলা খান্দি দিব লাগিব। দুশাৰী দুশাৰী অমিতা গছৰ মাজৰ মাটিত নলা খান্দি বৰষুণৰ পানী ওলাই যোৱাৰ ব্যৱস্থা কৰি দিব লাগে। এই নলাবোৰ ৩ ফুটমান দ কৈ খান্দিব লাগে।
অৱশ্যে বৰষুণৰ পানী অলপ অলপ জমা হোৱা মাটিত ইয়াক লগাব পাৰি অলপ বুদ্ধি কৰি। মোৰ আগৰ এটা লিখনিত হেলনীয়া মাটিৰ ক্ষেত্ৰত পুখুৰী খান্দি দিয়াৰ কথা কৈছিলো। সেই একে বুদ্ধিৰে এই কামটো কৰিব পাৰি । মাটিডৰাৰ মাজে মাজে কেইটামান পুখুৰী খান্দিব লাগিব, তাৰ পিছত দুশাৰী দুশাৰী অমিতা গছৰ মাজৰ মাটিত নলা খান্দি বৰষুণৰ পানী এই পুখুৰীলৈ বৈ যোৱাৰ ব্যৱস্থা কৰি দিব লাগিব । এই ব্যৱস্থা কৰি দিলে গছৰ গুৰিত বৰষুণৰ পানী জমা হৈ নাথাকিব ।

প্ৰতিজোপা অমিতা গছৰ গুৰিত ওখকৈ মাটি দিব লাগে ফ’টোত দেখুৱাৰ দৰে। গছবোৰ শাৰী শাৰীকৈ ৰুব লাগে । তেতিয়া পানী বৈ যাবলৈও সুবিধা হয়।
আপোনাৰ মাটিডৰা যদি আন ফালৰ পৰা ঠিক কিন্তু বালিচহীয়া নহয় তেনেহ’লে বেলেগ এটা বুদ্ধি কৰিব পাৰে। গছৰ গুৰিত ওখকৈ দিয়া মাটিখিনিৰ লগত অলপ পৰিমাণৰ বালি (ঘৰ সজা) বা শিলৰ মিহি গুৰি (আজিকালি ৰাস্তাবোৰ block দি বনাওতে যে ব্যৱহাৰ কৰে) ভালকৈ মিহলাই দিব। মাটিখিনিৰ আলতীয়া ধৰণটো নাইকিয়া হৈ যায় আৰু তাত পানী নৰয়।
মই লিখা কথাখিনিৰ লগত কৃষক শ্ৰীভবেন শইকীয়াই নিজৰ অভিজ্ঞতাৰ পৰা কিছু কথা যোগ দিছে। তেখেতে দহ বছৰতকৈও অধিক কাল সফলতাৰে অমিতা খেতি কৰি আহিছে । অসমৰ মাটিত, অসমৰ জলবায়ুত বিভিন্ন জাতৰ অমিতা খেতি কৰিছে। তেখেতৰ যি অভিজ্ঞতা হৈছে সি সকলো কৃষককে উপকাৰ কৰিব । সেয়ে তেখেতৰ কথাখিনি মোৰ লিখাখিনিৰ লগত যোগ কৰি দিছো।
অনুপল ছাৰলৈ শ্ৰদ্ধা জনাই মই সৰু কথা দুটামান কও-
অকল বালিচহীয়া মাটি উপযুগী বুলি কোৱা হৈছে,কথাতো নহয়,আমাৰ অসমৰ সম্পুৰ্ণ আলতিয়া মাটিতো সমানেই উৎপাদন হয়। মুঠতে নলা বিলাকৰ পৰা পানী ৩ ফুট তললৈ পানী সম্পূৰ্ণ ওলায় যাব লাগে।
সাদৃশ্য: দুয়োবিধ মাটিতে উৎপাদন সমানেই হয়।
বালিচহীয়া আৰু আলতীয়া মাটিত অমিতা খেতিৰ কৰি মই পোৱা পাৰ্থক্যবোৰ জনালো:
- বালিমাটিত পুলিৰ বৃদ্ধি খৰতকিয়া , আলতিয়াত লাহে লাহে হয়।
- বালিমাটিত গছবোৰ ওখ হয়, আলতিয়াত চাপৰ হয়।
- বালিয়া মাটিত ষ্ট্ৰিম ৰট বেমাৰ বেছি আৰু আলতিয়াত একেবাৰেই কম।
- বালিয়া মাটিৰ পকা আমিতাবোৰৰ মিঠা কম , আলতিয়া মাটিত বহুত বেছি মিঠা হয়।
- বালিচহীয়া মাটিত গছবোৰ বতাহত সহজেই উঘালি পৰে , আলতিয়াত কম উঘালে।
- বালিচহীয়া মাটিৰ অমিতা গছত PRSV প্ৰতিৰোধ ক্ষমতা কম দেখা গৈছে, আলতিয়াত তুলনামূলক ভাৱে বেছি।
- বালিচহীয়াত পাতৰ ঠাৰিবোৰ দীঘল হয় বাবে গছবোৰ সেৰেঙাকৈ ৰোব লগা হয় ( 6f×8f বা 7×7f)
- আলতিয়াত ঠাৰিবোৰ চুটি বাবে ঘনকৈ ৰোব পাৰি (5.5f×6f or 6×6)।
- খৰালি বালিচহিয়া মাটিত কৰা অমিতা খেতিত পানী যোগান বেছি প্ৰয়োজন, আলতিয়াত কম দিলেও হয়।