এই গণণাটো কৰোতে আমি আয় আটাইতকৈ কিমান কম হ’ব সেইটো দি হিচাপ কৰিম, কিন্তু খৰছৰ ক্ষেত্ৰত বেচিটো ল’ম। তেতিয়া যিটো ৰিজাল্ট পাম সি বুজাব অতি ক’মেও আপোনাৰ কিমান লাভ হ’ব।
আমি এবিঘা মাটিৰ কাৰণে হিচাপ কৰো:
(আগৰ পৃষ্ঠাকেইটাত কৰা আলোচনাৰ সহায় লোৱা হৈছে। দৰকাৰ হ’লে সেই পৃষ্ঠালৈ গৈ আকৌ এবাৰ পঢ়ি ল’ব।)
প্ৰতিজোপা গছত 20ৰ পৰা 30টা অমিতা লাগে।
আমি প্ৰতিজোপা গছত 20 টা অমিতা ধৰিলো ।
প্ৰতিটো অমিতা 1.5 kg ধৰিলো ।
গতিকে এজোপা গছৰ পৰা এবাৰত অমিতা পাম
20 pc x 1.5 kg = 30 kg
বছৰত দুবাৰ পাম। গতিকে এবছৰত পাম 60 kg.
এবিঘা মাটিত 500 জোপা অমিতা লগালো।
গতিকে এবিঘাত এবছৰত অমিতা পাম
60 kg x 500 জোপা = 30,000 kg
পাইকাৰী বিক্ৰী কৰোতে এক কেজিত 10 টকাকৈ পালো। গতিকে মুঠতে পাম
30,000 x 10 = 3,00,000
অৰ্থাৎ 3 লাখ টকা পালো।
ইয়াৰ পৰা খৰছখিনি বিয়োগ কৰিব লাগিব ।
এতিয়া খৰছৰ হিচাপ কৰো:
600 টা পুলিৰ বাবে 1200ৰ পৰা 1500 গুটি পচাব লাগিব । গতিকে 10 গ্ৰামৰ দুটা গুটিৰ পেকেট লাগিব । দাম পৰিব প্ৰায় 6,000 টকা।
সাৰ লাগিব 70,000 টকাৰ।
দৰব, কীটনাশক, আদি লাগিব 10,000 টকাৰ।
সা-সজুলি, আৰু অন্যান্য খৰছৰ বাবত ধৰা হ’ওক 5,000 টকা।
মুঠতে হ’ল: 91,000 টকা।
গতিকে ধৰক মুঠ খৰছ পৰিব 1 লাখ টকা। (কাৰণ সদায় খৰছৰ ফালটো অলপ বেছিকৈ ধৰি গণণা কৰিব লাগে।)
গতিকে,
এবছৰত মুঠ খৰছ: 1 লাখ
এবছৰত মুঠ আয়: 3 লাখ
এবছৰত অতি কমেও লাভ: 2 লাখ টকা।
মনত ৰাখিবলগীয়া যে এইটো অতি কমেও লাভ; আচল লাভ ইয়াতকৈ বেচি হ’ব।
কাৰণ আমি হিচাপ কৰোতে আয়ৰ ফালে কম কমকৈ ধৰিছিলো, অথচ, খৰছৰ ফালে বেচি বেচি কৈ ধৰিছিলো ।
যদি আপুনি এজোপা গছত 25টা অমিতা লাগিব বুলি ধৰে, এটা এটা অমিতা 1.75 kgৰ বুলি ধৰে, বিক্ৰী কৰোতে কেজিত 15 টকা পাম বুলি ধৰে, তেতিয়া এবিঘাত এবছৰত লাভ হ’ব প্ৰায় 5.5 লাখ টকা।
তাৰোপৰি আপুনি মাটিডৰাত যদি মাল্টি-লেয়াৰ ফাৰ্মিং কৰে, তেনেহ’লে মূঠ উপাৰ্জন ইয়াতকৈ কেইবাগুণে বেচি হ’ব।