আমি সকলোৱে জানো যে ফুলৰ পৰা ফল হ’বলৈ পৰাগ সংযোজন হ’ব লাগে। সাধাৰণতে মৌ-মাখি, ভোমোৰা আদি বিভিন্ন কীট-পতঙ্গৰ দ্বাৰা এই পৰাগ সংযোজন হয়। এই ধৰণৰ পৰাগ সংযোজনক natural পৰাগ সংযোজন বুলি কোৱা হয়।
কিন্তু এই পৰাগ সংযোজন যদি আমি কিবা উপায়েৰে কৰি দিওঁ, তেনেহলে তাক কৃত্ৰিম পৰাগ সংযোজন বুলি কোৱা হয়।
আজি এনে কৃত্ৰিম পৰাগ সংযোজন কৰাৰ এটা পদ্ধতিৰ বিষয়ে আলোচনা কৰিব বিছাৰিছো।
আমি কেতিয়াবা দেখা পাওঁ যে জিকা, তিয়হ, লাউ আদি গছত বহুত ফুল লাগিছিল, কিন্তু সেই হিচাপে ফল নালাগিল। বহুত কম ফলহে লাগিল। বহুত বিলাক ফুল এনে এনেই সৰি গ’ল, আৰু কিছুমান কলি হৈছিল কিন্তু সৰুতেই মৰহি গ’ল।
এনে হোৱাৰ এটা কাৰণ হৈছে কিজানি বহু বিলাক ফুল ‘মতা ফুল’ আছিল, ‘মাইকী ফুল’ নাছিল।
মই এবছৰৰ আগতে নজনাৰ নিচিনাকৈ আপোনালোকৰ কিছুসংখ্যকে নাজানিব পাৰে যে জিকা, তিয়হ, লাউ আদিত একেজোপা গছতে মতা আৰু মাইকী দুয়োবিধ ফুল ফুলে।
তাৰ ভিতৰত মতা ফুলৰ পৰা ফল নহয়। এইবোৰ এদিন/দুদিন ফুলাৰ পিছতেই সৰি যায়।
মাইকী ফুলৰ পৰা ফল হয়, কিন্তু ফল হ’বলৈ তাত পৰাগ সংযোজন হ’ব লাগিবই। নহ’লে ফল নহ’ব।
মৌ-মাখিৰ আদিৰ দ্বাৰা naturally পৰাগ সংযোজন যদি নহয়, তেনেহলে আমি কৃত্ৰিম পৰাগ সংযোজনৰ আশ্ৰয় ল’ব লগা হয়।
যোৱা বছৰ (২০২০ চনত) মোৰ চাদত কৰা জিকা, তিয়হ, লাউ আদি বহুত ফুলিছিল, কিন্তু ফল নাপালো। তেতিয়া internet-অত বিচাৰি বিচাৰি এই কথাবোৰ জানিব পাৰিলো।
সেয়ে আপোনালোকৰ লগত share কৰিছো, যাতে সকলোৱে কথাবোৰ জানিব পাৰে।
মতা আৰু মাইকী ফুল দেখাত বেলেগ। কেনেকৈ চিনি পাব পাৰি তলৰ ভিডিঅ’টোত বুজাই দিছো।
মাইকী ফুল এটা পৰাগ সংযোজন নোহোৱাকৈ সৰি গ’লে তাৰ তলৰ অংশত থকা ‘কলি-আকৃতিৰ অংশটো’ কেইদিনমানৰ পিচত শুকাই মৰহি যায়।
তেনে হোৱা দেখি মনত ভাব হয় ‘মোৰ গছৰ কলিবোৰ সৰুতেই কিয় মৰহি গৈছে’! আচলতে কাৰণটো হৈছে সেই মাইকী ফুলবোৰত পৰাগ সংযোজন নহ’ল।
ঘৰৰ চাদত খেতি কৰিলে কেতিয়াবা এই অসুবিধাটোৰ সন্মুখীন হোৱা যায়। যোৱা বছৰৰ জিকা আদিৰ খেতি বেয়া হোৱাৰ পিছত কথাটো মোৰ মনলৈ আহিল এই কথাটো লক্ষ্য কৰি যে মোৰ চাদৰ ওপৰৰ ফুলবিলাকত মৌ-মাখি, পখিলা আদি নাহেই দেখোন! অথচ তলৰ মাটিত থকা সৰু ফুলনি খনত আহে। সেইবাবেই পৰাগ সংযোজন নোহোৱাৰ বাবে চাদৰ খেতিৰ এই অৱস্থা হৈছে নেকি? তাৰপিছত internet-অত বিচাৰোঁতে এই লিখনিৰ কথাবোৰ জানিব পাৰিলো।
কৃত্ৰিম পৰাগ সংযোজন কৰাৰ এটা পদ্ধতি তলৰ ভিডিঅ’টোত দেখুৱাই দিছো। এইবাৰ মই প্ৰথম কৰি প্ৰমাণ পাইছো। কেইটামান তিয়হ খাবলৈ পালো।
এই পদ্ধতিত মই হাতেৰে পৰাগ সংযোজন কৰাৰ পদ্ধতি দেখুৱাইছো।
আজিলৈ সামৰিছো। ভিডিঅ’ৰ লিংকটো তলত দিলো।
কৃত্ৰিম পৰাগ সংযোজন কৰাৰ আন এটা পদ্ধতি হৈছে কাণ চাফা কৰা earbuds ব্যৱহাৰ কৰি, বা, দিয়াচলাই কাঠিৰ আগত অকণমান কপাহ মেৰিয়াই। এই বিষয়ে আমাৰ ‘ঘৰৰ চাদত খেতি’ নামৰ ফেচবুক গ্ৰুপৰ এগৰাকী সদস্য Nitashree Deka– ৰ প’ষ্ট এটা ২২-মে’-২০২১ তাৰিখে প্ৰকাশ হৈছে। সেই প’ষ্টটোও পঢ়ি চাব; তলত দিলো।
As written by Nitashree Deka: (as per her request to include here)
যিকোনো তিয়হ, মেলন, স্কোৱাছ, জাতিলাও, ৰঙালাও আদি cucerbita family ৰ গছবোৰ self pollination কৰাত খুব বেয়া সেইবাবে গছ বহু বগায় যদিও ফল সেই হিচাপে পোৱা নাযায় । সাধাৰণতে জাতিলাওৰ ফুলবোৰ গধুলি সময়ত হে ফুলে সেইবাবে পখিলা, মৌমাখি আদিয়ে পৰাগ সংযোগ কৰিব নোৱাৰে আৰু ফল নধৰে। পৰাগ সংযোগ কৰিব নোৱাৰা ফুলবোৰ কলিতে পছি যায়। আপুনি যদি ear bud এদাল লৈ তাৰে মতা ফুলটোৰ পৰা ৰেণু আনি মাইকী ফুলটোত লগায় আৰু সূতাৰে ফুলটো বান্ধি দিয়ে ৰেণুখিনি উৰি যাব নোৱাৰাকৈ, তেনেহলে কেইদিনমানৰ পিছতে ফলটো ডাঙৰ হোৱা দেখিবলৈ পাব । মতা ফুল আৰু মাইকী ফুল বিচাৰ কৰিবলৈ অতি সহজ, মাইকী ফুলটোত আগৰে পৰাই ফলটো থাকেই। এটা মতা ফুলৰ ৰেণু দুই তিনিটা মাইকী ফুলত ব্যৱহাৰ কৰিব পাৰি। এনেদৰে আপুনি যিকোনো ফলৰে পৰাগ সংযোগ ঘটাব পাৰে। যদি ear bud নাথাকে জুইশলা কাঠি এডালত অলপ কপাহ লগাই ললেও হব, অলপ সাৱধানে ফুলটোৱে দুখ নোপোৱাকৈ কৰিব। youtube link- টো দিছো, video টো চালে আৰু ভালকৈ গম পাব-