গুটিৰ পৰা পুলি

Germinating-the-seeds
গুটিৰ পৰা পুলি কেনেকৈ গজাব

অমিতা গুটিৰ পৰা পুলি গজাবলৈ কেনেকৈ আগবাঢ়িব লাগিব সেইবিষয়ে ইয়াত আলোচনা কৰা হৈছে । অকল অমিতাই নহয়, এই পদ্ধতিৰ যোগেদি বহুত বেলেগ বেলেগ গুটিৰ পৰা পুলি গজাব পৰা যায় ।

বুজাবলৈ সুবিধা হ’বৰ বাবে গোটেই পদ্ধতিটো কেইটামান stepত ভাগ কৰি লৈছো:

  1. প্ৰথমতে চাব লাগিব গুটিখিনি মেডিচিন দি ট্ৰীট (treat) কৰা হয় নে নহয় । যদি হয়, তেনেহ’লে  step 2 লৈ যাব পাৰি ।

যদি নহয়, তেনেহ’লে প্ৰথমতে মেডিচিন দি অলপ treat কৰি ললে ভাল হ’ব। Tricoderma মেডিচিন দি গুটিখিনি treat কৰি ল’ব পাৰি।


Tomato Seedlings
এই পদ্ধতিৰে গজোৱা বিলাহীৰ পুলি

2. মাটিত পচোৱাৰ আগতে গুটিখিনি কেই ঘন্টামান পানীত তিয়াই থব লাগে। তেতিয়া বেচি সংখ্যক গুটিৰ পৰা পুলি গজে। 

কিমান ঘন্টা তিয়াব লাগিব সেইটো গুটিৰ পেকেটত লিখা থাকিব লাগে। যদি নাথাকে, তেনেহ’লে গুটিৰ কোম্পানীটোক সুধি ল’ব।

 সাধাৰণতে অমিতাৰ গুটি চাৰিৰ পৰা দহ ঘন্টাৰ মাজত তিয়াব কয়।


Carrot Seedlings
এই পদ্ধতিৰে গজোৱা গাজৰৰ পুলি

3. এই step টোত মাটিখিনি প্ৰস্তুত কৰিম। 

  • মাটি আৰু শুকান গৰু গোবৰ মিহলাই ল’ব পাৰে।
  • মাটি আৰু ৱাৰ্মি-ক’মপ’ষ্ট (vermi compost) মিহলাই লব পাৰে 70 : 30 অনুপাতে।

তাৰ লগত অলপ ট্ৰাইক’ডাৰ্মা মিহলাই দিব। পৰিমাণটো হ’ল এবিঘা মাটিত এক কেজি। গতিকে আপুনি গুটি পচাবলৈ কিমান খিনি মাটি লৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি দৰব কিমান দিব লাগিব হিচাপ কৰি ল’ব।


Cauliflower Broccoli Seedlings
এই পদ্ধতিৰে গজোৱা কবিৰ পুলি

4. এতিয়া তলৰ ভিডিঅ’টো চাই লওক। ভিডিঅ’টোৰ পিছত আৰু অলপ কথা লিখা আছে। সেইখিনি পঢ়িবলৈ নাপাহৰিব ।

ভিডিঅ’টো সম্পূৰ্ণকৈ চাব। পিছৰ ফালে বহুত দৰকাৰী কথা আছে। আধা খিনি চোৱাৰ পিচতেই আপোনাৰ এনেকুৱা লাগিব পাৰে যে আপোনালোক লগাখিনি পায়েই গ’ল, বাকীখিনি চোৱাৰ নো কি দৰকাৰ আছে! 

মই প্ৰতিটো ভিডিঅ’ত অকল প্ৰয়োজনীয় কথাহে অন্তৰ্ভূক্ত কৰো। এনেই এনেই কথা ভৰাই ভিডিঅ’ এটা দীঘল কৰিব নিবিচাৰো।



Image of Seed Starter Casa De Amor
Available in amazon

5. চিধা ৰ’দ নপৰা ছাঁ জেগা কিন্তু  য’ত যথেষ্ট পোহৰ তাত গিলাচ বিলাক থৈ দিব লাগিব । গজালি নোলোৱালৈকে গিলাচৰ মাটিখিনি সেমেকি থাকিব লাগিব। গতিকে মাজে মাজে অলপ অলপ পানী ছটিয়াই থাকিব লাগিব । কিন্তু পানী যাতে বেচি নহয় তালৈ চকু ৰাখিব লাগিব ।

বতৰ যদি বেচি শুকান শুকান, তেনেহ’লে গিলাচবিলাকৰ ওপৰত পাতল পলিথিন এখন পাৰি দিব পৰা যায় । তেতিয়া গিলাচৰ মাটিখিনি সঘনাই শুকাই নাযায় । যেতিয়া গজালি ওলাই পাত ধৰিবলৈ আৰম্ভ কৰিব, তেতিয়া পলিথিনখন আতৰাই দিব লাগিব ।

এই পদ্ধতিৰ সহায়ত সফল ভাবে গুটিৰ পৰা পুলি গজাব পাৰি।


%d bloggers like this: