ঘৰৰ চাদত খেতি

শাক-পাচলি আৰু ফল-মূল আমাৰ স্বাস্থ্যৰ বাবে বহ উপকাৰী বুলি আমি সকলোৱে জানো। কিন্তু আজিকালি বজাৰৰ পৰা কিনি খাবলৈ দুবাৰ চিন্তা কৰিব লাগে। কাৰণ হৈছে ৰাসায়নিক সাৰ, কীটনাশক দৰব আদিৰ অতি মাত্ৰা ব্যৱহাৰ।

তাতকৈও ডাঙৰ অপকাৰী কাম এটা কিছুমান মানুহে কৰিবলৈ আৰম্ভ কৰিছে।সেইটো হৈছে পাচলি বা ফলৰ কলিটোতে direct injection দি এদিনৰ ভিতৰতে তাক ডাঙৰ কৰি পেলাইছে। তাৰ পিছত তাক বিক্ৰী কৰিছে (নিজে কিন্তু নেখায়)। এনে বস্তু খোৱা আমাৰ বাবে কিমান অপকাৰী, সেইটো নকলেও হ’ব।

সেয়ে ঘৰৰ চাদত বা ঘৰৰ লগতে থকা অলপ মাটিত শাক-পাচলিৰ খেতি কৰাটো আজিৰ দিনত অতি প্ৰয়োজনীয় হৈ পৰিছে। নিজৰ প্ৰয়োজনীয় শাক-পাচলিৰ অলপ অংশ যদি এনেকৈ পাব পৰা যায়, তেনেহলে আমাৰ বহুতো লাভ হ’ব।

সেইবাবে ফেচবুকত এটা গ্ৰুপ আৰম্ভ কৰিছো। গ্ৰুপটোৰ নাম হৈছে “ঘৰৰ চাদত খেতি“। 

এই গ্ৰুপটোত আলোচনাৰ প্ৰধান বিষয় এইটোৱেই। যিমানদূৰ সম্ভৱ অৰ্গেনিক (organic) ভাবে খেতি কৰাৰ পদ্ধতিৰ বিষয়ে আলোচনা কৰা হ’ব। 


ঘৰৰ চাদত খেতিৰ সূচীপত্ৰ

1 comment

We welcome your comments (Please log-in to comment) or (You may use your Google, Facebook, Twitter or wordpress.com account)

%d bloggers like this: