ঘৰৰ চাদত পদিনাৰ খেতি

ঘৰৰ চাদত বা ঘৰৰ কাষৰ মাটিত সহজতে পদিনাৰ খেতি কৰিব পাৰি।

আগকথা:

(‘ঘৰৰ চাদত খেতি’ নামৰ Facebook গ্ৰুপৰ পৰা)

এই গ্ৰুপৰ বহু কেইজন সদস্যই আগৰে পৰা পদিনাৰ খেতি কৰি আছে। 

বাকী সকলেও আৰম্ভ কৰিব পাৰে। তেখেতসকলৰ সুবিধাৰ বাবে এই খেতি প্ৰথমৰ পৰা শেষলৈকে কেনেকৈ সহজতে কৰিব পাৰি সেইবিষয়ে এটা ভিডিঅ’ বনাইছো।‌ লিংকটো তলত দিলো।

যোৱা ২১ মাৰ্চৰ দিনা লিখিছিলো এই গ্ৰুপৰ এজন সদস্যৰ দিহা মতে মই কেনেকৈ পদিনাৰ খেতি অলপ আৰম্ভ কৰিছো। তেতিয়া পদিনা লগাইছিলো আমূল টাজাৰ পেকেট এটাত।

এইখিনিতে, এইবিষয়ে দিহা দিয়া সদস্য  শ্ৰী মেঘালী বৰালৈ মোৰ আৰু গ্ৰুপৰ ফালৰ পৰা ধন্যবাদ জনাইছো।

ধুনীয়াকৈ হৈ উঠা পদিনাখিনি কালি (5th April, 2021) সেই পেকেটৰ পৰা নি মাছৰ বাকচত লগালোঁ। লগত দিলো ঘৰতে কৰা পচন সাৰ। মাছৰ বাকচটো আধাতে কাটি চাপৰ কৰি ললো, কাৰণ পদিনাৰ শিপা বেচি তললৈ নগ’লেও হয়। 

কালি ৰাতি অহা শিল বৰষুণত পদিনাখিনি নষ্ট হৈ যাব বুলি ভয় খাইছিলো। পিচে আজি চাই দেখিলো একো নষ্ট নহ’ল; খুব সম্ভৱ ওপৰত সেউজীয়া নেটখন থকাৰ বাবে।

তেখেতে দিয়া দিহা মতে আজি পদিনা গছবোৰৰ আগবোৰ চিঙি দিছো। তেতিয়া পদিনাখিনি বহলি যাব।

এই এবাকচ পদিনা যদি ভালকৈ হয়, তেনেহ’লে মই আৰু ভৱিষ্যতে পদিনা কিনিব নালাগিব। তাৰোপৰি,  ঘৰত অৰ্গেনিক ভাৱে পৰিষ্কাৰকৈ  কৰা খেতিৰ পৰা যেতিয়াই লাগিব তেতিয়াই পাম।😊

We welcome your comments (Please log-in to comment) or (You may use your Google, Facebook, Twitter or wordpress.com account)

%d bloggers like this: