ঘৰৰ চাদত সহজতে শাকৰ খেতি কৰক
নিজৰ ঘৰৰ চাদত সহজতে পালেং, ধনীয়া আদি শাকৰ খেতি কেনেকৈ কৰিব পাৰি সেইবিষয়ে এটা ভিডিঅ’ বনাইছো। ভিডিঅ’ৰ লিংকটো তলত দিলো। কেনে পালে ক’মেন্ট কৰিব বুলি আশা কৰিলো।
এই ভিডিঅ’টোত এটা self-watering bottle-ত পালেঙ শাক কৰাৰ প্ৰক্ৰিয়াটো দেখুৱাইছো। সুবিধা হ’ব যে সদায় সদায় পানী দিব নালাগিব, সপ্তাহত এবাৰমান দিলেই হ’ব।
Self-watering bottle-টো কেনেকৈ বনাব লাগে, এই ভিডিঅ’টোতে দেখুৱাই দিছো। প্ৰথমতে বনাওতে অকণমান সময় লাগিব, কিন্তু এবাৰ বনোৱাৰ পাছত বহুত সুবিধা হয় – পানী দিয়াৰ কষ্ট আৰু সময় কমি যায়। তাৰোপৰি বটলটো কেইবা বছৰো ব্যৱহাৰ কৰিব পাৰি বেলেগ বেলেগ খেতিৰ বাবে।