মাটিখিনি কিহত ৰাখিলে ভাল হʼব
ঘৰৰ চাদত খেতি কৰিবলৈ আৰম্ভ কৰোতে সকলোৰে মনলৈ প্ৰশ্ন আহে যে মাটিখিনি কিহত ৰাখিলে ভাল হ’ব। আজি এইবিষয়ে আলোচনা কৰিব খুজিছোঁ।
“মাটি” শব্দটোৰে এই আলোচনাত খেতিৰ বাবে উপযোগী “গোবৰ মিহলোৱা মাটি” আৰু “মাটি + ক’ক’পীত + কেচুসাৰ” দুয়োটা বুজোৱা হৈছে। এইবিষয়ে বেলেগ এটা পৃষ্ঠাত আলোচনা কৰা হৈছে।
মাটিখিনি ৰাখিবলৈ বিভিন্ন ধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিব পাৰি। পাত্ৰটোৰ প্ৰধান কাম হৈছে মাটিখিনি ধৰি ৰখা, গছৰ শিপা বিলাক বাঢ়িবলৈ সুবিধা দিয়া, আৰু, মাটিখিনিৰ পৰা অতিৰিক্ত পানী ওলাই যোৱাৰ ব্যৱস্থা কৰি দিয়া।
ওপৰৰ কথা তিনিটা মনত ৰাখি বিভিন্ন ধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিব পাৰি। এনে কিছু পাত্ৰ তলত দেখুওৱা হৈছে।

মাছৰ বাকচত । এইটো বৰ পপুলাৰ। বহুত মানুহে এইদৰে চাদৰ ওপৰত খেতি কৰে।

চাউলৰ পাচ কেজি বা দহ কেজিৰ বেগত ।

মাটি বা প্লাষ্টিকৰ টাবত।

ৰঙৰ ডাঙৰ প্লাষ্টিকৰ টেমাত ।

পাচ লিটাৰৰ পানীৰ বটলত।

গ্ৰ’-বেগত (in Grow bags)