14-April-2021:
এতিয়া এপ্ৰিল মাহৰ পৰা গৰম পৰিবলৈ আৰম্ভ কৰিছে। গতিকে চাদখন সেউজীয়া নেটেৰে ঢাকি দিবলৈ হ’ল।
ওপৰৰ পৰা কাঢ়া ৰ’দ চিধাই খেতিখিনিত নপৰিবলৈ সেউজীয়া নেটখন লাগে বুলি আমি সকলোৱে জানো।
ইয়াৰ উপৰিও আৰু এটা কাৰণে এইখন লাগে। গৰমৰ দিনত চাদখন বহুত গৰম হয়। চাদখন গৰম হোৱাৰ লগে লগে তাৰ ওপৰৰ বতাহ খিনি গৰম হয়, আৰু, ওপৰলৈ উঠি গৈ থাকে। এই গৰম বতাহ খিনি আমাৰ খেতিৰ গছবিলাকৰ পাতবিলাক চুই চুই ওপৰলৈ গৈ থাকে। ইয়ো গছবিলাকৰ অপকাৰ কৰে।
মাটিত খেতি কৰা আৰু চাদৰ ওপৰত খেতি কৰাৰ মাজত ই এটা ডাঙৰ পাৰ্থক্য।
সেয়ে গৰমৰ দিনত সেউজীয়া নেটখন লগোৱা ভাল। গোটেই চাদখনৰ ওপৰতো লগাব পাৰে, বা, খেতি কৰা অংশৰ ওপৰত লগাব পাৰে।

নেটখন কিনাৰ সময়ত চাই লোৱা ভাল সি UV Rays (ultra violet) সহ্য কৰিব পাৰে নে নাই! যিখনে UV সহ্য কৰিব পাৰে সেইখন কেইবা বছৰো ব্যৱহাৰ কৰিব পাৰি।

নেটখন লগাবলৈ এটা লোহাৰ ফ্ৰেম কৰি লগাব পাৰি। বহুত বছৰ যায়, দেখাতো ধুনীয়া হয়; পিচে প্ৰথম লগাওতে খৰছ অলপ বেছি পৰে।

নহ’লে নেটখন বাহঁৰ হেদালী কৰি লগাব পাৰি। বাঁহবোৰ আধা ফালি কেইডালমান নেটৰ ওপৰেৰে, আৰু, কেইডালমান নেটৰ তলেদি নি বান্ধি দিব লাগে। দুই/তিনি বছৰ চলি যাব। খৰছ কমতে হৈ যায়।

মই এতিয়ালৈকে দ্বিতীয় পদ্ধতিটো ব্যৱহাৰ কৰি আছো। ঘৰৰ ওপৰত আৰু এটা মহলা বনাব পৰাকৈ খুটাকেইটা বনোৱা আছে। তাৰে support লৈ বাহৰ হেদালীখন বনাইছো। দুবছৰ হ’ল, ধুমুহাই বিশেষ ক্ষতি কৰিব পৰা নাই এতিয়ালৈকে।