চাদৰ খেতিৰ উপযোগী মাটি

Image of Rooftop Gardening

ঘৰৰ চাদত খেতি কৰিবলৈ কেনে ধৰণৰ মাটি উপযোগী সেইবিষয়ে আজি আলোচনা কৰিব লৈছো ।

ঘৰৰ কাষৰ বাৰীখনত যি ধৰণৰ মাটি ব্যৱহাৰ কৰা হয়, তেনে মাটিতো  চাদৰ ওপৰত খেতি কৰিব পাৰি।

মাটি বালিচহীয়া হ’ব লাগিব নে আলতীয়া, সেইটো নিৰ্ভৰ কৰিব কোন বিধ পাচলিৰ খেতি কৰিব বা ফুল ৰুব বিচাৰিছোঁ তাৰ ওপৰত।

কিন্তু চাদৰ খেতিত মাটি ব্যৱহাৰ কৰিলে কেইটা মান কথা মনত ৰাখিব লাগে:

(১) চাদৰ ওপৰতে মাটিখিনি ঢালি দিব নালাগে। তেনে কৰিলে কেইবছৰমানৰ পিছত চাদখন বেয়া হৈ যাব পাৰে। এটা বাকচত মাটিখিনি ভৰাই বাকচটো চাদৰ ওপৰত থৈ খেতি কৰিব লাগে। বেচিখিনি মানুহে এই কামৰ বাবে সাধাৰণতে মাছৰ বাকচ ব্যৱহাৰ কৰে।

(২) মাটিখিনিৰ এটা ওজন থাকে। সেইবাবে চাদৰ ওপৰত বহুতো  মাটি ভৰ্ত্তি বাকচ উঠাই দিয়াটো ভাল নহয়; চাদখনে কষ্ট পাই।

(৩) এটা ভাল উপায় হৈছে মাটিৰ লগত ক’ক’পীত (cocopeat) মিহলাই দিয়াটো। সাধাৰণতে ৩০% মাটি, ৪০% ক’কʼপীত আৰু ৩০% কেচুসাৰ (vermicompost) বা পচনসাৰ (compost) মিহলাই লোৱা হয়। এই মিশ্ৰণটোৰ ওজন কম হয়, আৰু ইয়াত যথেষ্ট পৰিমাণৰ জৈৱিক সাৰ থাকে। এই মিশ্ৰণটো বাকচত ভৰাই তাত বিভিন্ন ধৰণৰ খেতি কৰিব পাৰি।

ককʼপীত হৈছে নাৰিকলৰ বাকলিৰ কোমল আঁহবিলাকৰ গুৰি। ইয়াক অʼনলাইনত (online) কিনিব পাৰি, বা, ঘৰতে তৈয়াৰ কৰিব পাৰি।

(৪) মাটি ব্যৱহাৰ নকৰি একমাত্ৰ পানীতো খেতি কৰিব পাৰি। ইয়াক হাইড্ৰʼফʼনিক  (hydrophonic) পদ্ধতি বুলি কোৱা হয়। ইয়াক আৰম্ভ কৰোতে প্ৰথমতে কিছু বেছি খৰছ হয়।

image of Rooftop Hydrophonics

মই নিজে মাটি, ক’কʼপীত আৰু কেচুসাৰ/পচনসাৰ মিহলাই খেতি কৰিবলৈ ভাল পাওঁ। 

আপোনালোকৰ কোনে কেনেকৈ কৰে জনাবচোন।


We welcome your comments (Please log-in to comment) or (You may use your Google, Facebook, Twitter or wordpress.com account)