পচনসাৰ তৈয়াৰ কৰা পদ্ধতি

ভাল পচন সাৰ বনাবলৈ প্ৰধানকৈ চাৰিবিধ বস্তু লাগে:

(১) সেউজীয়া বস্তু, যেনে পাচলিৰ বাকলি (green items)

(২) শুকান বস্তু, যেনে গছৰ শুকান পাত (brown items)

(৩) বতাহ 

(৪) সেমেকা পৰিবেশ।

সেউজীয়া বস্তুৰ ভিতৰত পাচলিৰ বাকলি, পিয়াজ/নহৰু/আদাৰ বাকলি, শাকৰ ঠাৰিজাতীয় নোখোৱা অংশ, আদি পৰে।

শুকান বস্তুৰ ভিতৰত গছৰ শুকান পাত, শুকান ঠাল-ঠেঙুলি, কাগজ, পচা কাঠ/বাঁহ, কাঠৰ গুড়ি, আদি পৰে।

এইবোৰৰ ওপৰিও কণীৰ বাকলি, চাহপাত, আদি বস্তুবোৰো দিব লাগে।

এটা বাকচত এইবোৰ ভৰাই থৈ দিলে, অলপ দিনৰ পিছত সেইবোৰ পচিবলৈ আৰম্ভ কৰে। তেতিয়া সেইখিনিত সৰু সৰু পোক, কীট-কীটানো আদি জন্ম হয়, আৰু এইবোৰে বস্তু খিনি পচন সাৰলৈ পৰিবৰ্তন কৰি দিয়ে। (থুলমূলকৈ প্ৰক্ৰিয়াটো এইটোৱেই।)

এই সৰু সৰু জীৱবিলাককো অক্সিজেন লাগে। সেইবাবে বাকচটোৰ ভিতৰত বতাহ চলাচল কৰিব পৰা ব্যৱস্থা থাকিব লাগে।

এই কীট-কীটানোবোৰে সেমেকা পৰিবেশ এটা ভাল পায়। সেইবাবে বাকচৰ ভিতৰতো সেমেকা কৰি ৰাখিব লাগে, দৰকাৰ হ’লে মাজে মাজে অলপ অলপ পানী ছটিয়াই হ’লেও। আৰু ৰ’দ বেচিকৈ নপৰা ঠাইত থ’ব লাগে।

ওপৰৰ কথাখিনি পালন‌ কৰি বেলেগ বেলেগ পদ্ধতিৰে পচন সাৰ বনাব পাৰি। মই আপোনালোকক তিনিটা পদ্ধতিৰ বিষয়ে এটা এটাকৈ জনাম। যাৰ যিটো পদ্ধতি পছন্দ হ’ব, সেই পদ্ধতিটো বাচি ল’ব পাৰে।

ঘৰতে পচন সাৰ তৈয়াৰ কৰাৰ প্ৰথম পদ্ধতিটো এটা ভিডিঅ’ৰ সহায়ত বুজাই দিছো।

বেছিখিনি মানুহেই এই পদ্ধতিটোৰ কিছু কিছু অংশ ব্যৱহাৰ কৰি পচনসাৰ বনাই থাকে, বা, বনাবলৈ চেষ্টা কৰে। দৰাচলতে পদ্ধতিটো সম্পূৰ্ণকৈ ব্যৱহাৰ কৰিলেহে ভাল পচনসাৰ তৈয়াৰ হয়।

পচনসাৰ তৈয়াৰ কৰোতে কি কি দিব লাগে সেই বিষয়ে আলোচনা কৰিলোঁ। এতিয়া পচনসাৰ তৈয়াৰ কৰোতে পাকঘৰৰ পেলনীয়া কি কি দিব নালাগে সেইবিষয়ে আলোচনা কৰিবলৈ আছে। 


We welcome your comments (Please log-in to comment) or (You may use your Google, Facebook, Twitter or wordpress.com account)

%d bloggers like this: