মে’ মাহত হালধি আৰু আদাৰ খেতি আৰম্ভ কৰিব পাৰি। তাৰোপৰি, বিভিন্ন ধৰণৰ শাক যেনে পদিনা, মাণিমুণি আদিৰ খেতিও সহজতে আৰম্ভ কৰিব পাৰি।
এই গোটেই বিলাক বৰ আৱশ্যকীয় আৰু উপকাৰী বস্তু; যদিও ইহঁত exotic নহয়, সাধাৰণ বস্তুহে !
এইবিলাকৰ খেতি কৰিবলৈ বৰ সহজ। সেইবাবে যিসকল মানুহে ঘৰৰ চাদত বা ঘৰৰ কাষৰ মাটিত নতুনকৈ (মানে প্ৰথমবাৰৰ বাবে) খেতি কৰিম বুলি ভাবিছে, তেখেতসকলে এই ধৰণৰ খেতিৰে আৰম্ভ কৰিব পাৰে।
দিনে খুব বেছি আধা ঘন্টাৰ পৰা এক ঘন্টাৰ সময় দিলেই হৈ যায়। তাৰোপৰি, সদায় সদায় সময় দিব নোৱাৰিলেও কোনো অসুবিধা নহয়।
ইয়াৰ পিছত এইকেইবিধ খেতি সহজতে কেনেকৈ কৰিব পাৰি সেইবিষয়ে আলোচনা কৰিম।