সাৰ কি দিব লাগিব

Image of Rooftop Gardening

ঘৰৰ চাদত খেতি কৰিবলৈ আৰম্ভ কৰোতে সকলোৰে  মনলৈ প্ৰশ্ন আহে যে সাৰ কি দিব লাগিব। আজি এইবিষয়ে আলোচনা কৰিব খুজিছোঁ।

(১) গোবৰ সাৰ বৰ ভাল বুলি আমি সকলোৱে জানো। মাটিৰ লগত গোবৰ মিহলাই অতীজৰে পৰা খেতি কৰি অহা হৈছে।

(২) আজি অলপ বছৰৰ আগৰ পৰা কেছুসাৰ (vermicompost) আটাইতকৈ ভাল সাৰ বুলি পৰিগণিত হৈছে।

(৩) পচনসাৰ (compost) হৈছে আন‌ এবিধ ভাল সাৰ।

(৪) আৰু এবিধ ভাল সাৰ হৈছে sea-weed extract.

(৫) ইয়াৰ ওপৰিও নানা ধৰণৰ ৰাসায়নিক সাৰ আছে।

পিছে ৰাসায়নিক সাৰৰ সলনি প্ৰথম চাৰিবিধ সাৰ ব্যৱহাৰ কৰা বেছি ভাল কাৰণ এইকেইটা অৰ্গেনিক সাৰ। অৰ্গেনিক সাৰ দি কৰা শাক-পাচলিয়ে আমাৰ স্বাস্থ্যৰ অপকাৰ নকৰে, আৰু, খেতিৰ মাটিখিনিও বছৰ বছৰ ধৰি ভাল হৈ থাকে।

এইবিষয়ে অলপ দ কৈ জানিবলগীয়া কথা কিছু আছে। 

শাক-পাচলিক (বা গছ-গছনিক) প্ৰধানকৈ দৰকাৰ হোৱা খাদ্য-উপাদান ( nutrients) হৈছে N-P-K:

  • Nitrogen (N) : নাইট্ৰ’জেন
  • Phosphorus (P) : ফ’চফ’ৰাচ
  • Potassium (K) : প’টাছিয়াম

এই তিনিটা উপাদান বেছিকৈ লাগে। সেইবাবে এই তিনিবিধক macro-nutrients বুলি কোৱা হয়।

কিন্তু ইয়াৰ ওপৰিও আন কিছুমান উপাদানো লাগে কম পৰিমাণে। এইখিনিক micro-nutrients বুলি কোৱা‌ হয়। যেনে:

  • Calcium : কেলছিয়াম
  • Boron : ব’ৰ’ণ
  • Iron : আইৰন
  • Zinc : জিঙ্ক
  • Sulphur : চালফাৰ
  • Magnesium : মেগ্ নেছিয়াম  আদি। 

তাৰ ওপৰিও আন কিছুমান বস্তু লাগে তেনে উপকাৰী বেক্টেৰিয়া, microbes আদি। 

কেছুসাৰত এই প্ৰয়োজনীয় প্ৰায়  সকলোবোৰ পোৱা 

যায় বাবে এই সাৰক গোবৰ সাৰতকৈও বেচি ভাল বুলি কোৱা হয়।

কেছুসাৰ আকৌ বেলেগ বেলেগ ধৰণৰ আছে। তাৰ ভিতৰত ‘গোবৰৰ পৰা বনোৱা কেছুসাৰ’ আটাইতকৈ ভাল।

খেতিপথাৰত খেতি কৰা কৃষকসকলে DAP, N-P-K, আদি কৰি নানা ধৰণৰ সাৰ ব্যৱহাৰ কৰে। তাৰ লগত micro-nutrientsৰ বাবে আন আন সাৰ ব্যৱহাৰ কৰে।

যিসকলে ঘৰৰ চাদত খেতি কৰে তেখেতসকলৰ সৰহ ভাগেই কৃষক নহয়। বেছিভাগেই চাকৰিয়াল, ব্যৱসায়ী, স্কুল-কলেজৰ শিক্ষক-শিক্ষয়ত্ৰী আদি। এইসকলৰ হাতত বেছি সময় বাচি নাথাকে খেতি কৰিবলৈ। 

সেইবাবে কম সময় খৰছ কৰি, কম কষ্ট কৰি কৰিব পৰা খেতি এখেতসকলৰ বাবে উপযোগী। 

মই নিজেও‌‌ দিনে এঘন্টা বা আধা-ঘন্টাহে খেতিৰ বাবে দিব পাৰো।

আমাৰ নিচিনা মানুহৰ সুবিধাৰ বাবে কিছুমান কোম্পানীয়ে বেলেগ বেলেগ ধৰণৰ all-in-one সাৰ তৈয়াৰ কৰিছে। মই কেছুসাৰ, পচন সাৰৰ ওপৰিও এনে দুবিধ সাৰ ব্যৱহাৰ কৰি সুফল পাইছো। তলত এই দুবিধৰ নাম আৰু ফ’টো দিছো (আপোনালোকৰ সুবিধা হ’ব পাৰে বুলি)।

All-in-One Plant food Greenloop
GreenLoop All-in-One Fertilizer
All-in-One fertilizer in 3 bottles
City Greens All-in-One Fertilizer

পচনসাৰ আজিকালি ম‌ই নিজে তৈয়াৰ কৰো। অতি সহজ উপায় এটা ব্যৱহাৰ কৰো।‌ এইবিষয়ে জানিবলৈ ইয়াত ক্লিক কৰক।


সাৰৰ বিষয়ে আৰু বহুতো কথা জানিবলগীয়া আছে।

আজিলৈ সামৰিলো। আশাকৰো দুই-এটা নতুন দৰকাৰী কথা জনাব পাৰিলো। 


We welcome your comments (Please log-in to comment) or (You may use your Google, Facebook, Twitter or wordpress.com account)

%d bloggers like this: