ৰে’ডলেডী বনাম গ্ৰীনবেৰী

অলপ কথা, কিন্তু বৰ দৰকাৰী কথা:

1.) ৰে’ড লেডী বিধৰ বাকলি শকত আৰু টান, কিন্তু গ্ৰীন বেৰী বিধৰ বাকলি পাতল। 

গতিকে ৰে’ড লেডী বিধৰ অমিতা গাড়ীৰে দুই/তিনি দিন মান কঢ়িয়াই নিব পাৰি। কিন্তু গ্ৰীন বেৰী বিধৰ অমিতা নোৱাৰি ।

এই পাৰ্থক্যটো জনা বহুত দৰকাৰ ।

আপুনি যি ঠাইত অমিতা খেতি কৰিম বুলি ভাবিছে, সেই ঠাইৰ  ওচৰে-পাজৰে যদি অমিতা খিনি বিক্ৰী কৰি শেষ কৰিব পাৰিম বুলি ভাবিছে তেতিয়াহে আপুনি গ্ৰীন বেৰী বিধৰ খেতি কৰাৰ কথা ভাবিব লাগে। এই ধৰক 20/30 km মানৰ ভিতৰত।

আনহাতে যদি খেতি কৰা মাটিডৰাৰ পৰা বহু দুৰলৈ (200/300 km) অমিতা খিনি নিবলগীয়া হয় তেনেহ’লে আপুনি ৰে’ড লেডী বিধৰ খেতি কৰাটো বেচি ভাল হ’ব। কাৰণ গ্ৰীন বেৰী বিধ গাড়ীত নিওতেই বেয়া হৈ যাব।

আপোনাৰ পৰা অমিতা কিনিব খোজা পাইকাৰী বেপাৰীসকলেও এই দিশটোৰ বিষয়ে ভাবি চাইহে আপোনাৰ পৰা অমিতা কিনিব নে নাই তাৰ সিদ্ধান্ত ল’ব। 

2.) ৰে’ড লেডী বিধৰ ক্ষেত্ৰত ভাইৰাছ লাগি বেমাৰ হোৱাৰ সম্ভাৱনা বেচি। গ্ৰীন বেৰী বিধৰ ক্ষেত্ৰত ভাইৰাছৰ পৰা বেমাৰ ক’মকৈ হয়, অন্ততঃ বৰ্ত্তমানলৈকে যিটো দেখা গৈছে। 

ৰে’ড লেডী বিধৰ বেমাৰৰ ভিতৰত ৰিঙ-স্প’ট (ringspot) নামৰ ভাইৰেল বেমাৰটোৱে কৃষকৰ বহুত ক্ষতি কৰিছে ।

ওপৰৰ পাৰ্থক্য দূটা মনত ৰাখি বা বিবেচনা কৰি লোৱাৰ পিছতহে আপুনি সিদ্ধান্ত লোৱা ভাল হ’ব কোনবিধ জাতৰ অমিতা আপুনি  বাচি ল’ব খেতি কৰিবলৈ।

আশাকৰো ওপৰৰ কথাখিনি আপোনাৰ কামত আহিব ।


অনলাইনত ডুপ্লিকেট গুটিৰ পৰা সাৱধান।ৰেডলেদি ,চপ্না আদিৰ ডুপ্লিকেট গুটিৰে বজাৰ ভৰপুৰ।


%d bloggers like this: