অমিতাৰ ভাল জাত

অমিতাৰ কোনবিধ জাত বেচি  ভাল হ’ব ক’বলৈ কঠিন, কাৰণ প্ৰতিবিধৰে সুবিধা অসুবিধা আছে।

বৰ্তমান বেচি চলি আছে:

  • টাইৱান ৰে’ড লেডী 786 (Red Lady 786)
  • অষ্ট্ৰেলিয়ান গ্ৰীন বেৰী (Green Berry)
  • Sapna F1
  • Sinta F1
  • Ice berry

ওপৰৰ গোটেই কেইটা hybrid জাতৰ। জানিব পৰা মতে  Sinta F1 আৰু ice berry জাত দুটাৰ বেমাৰৰ বিপক্ষে প্ৰতিৰোধৰ ক্ষমতা আটাইতকৈ বেচি, Sapna জাতটোৰ তাতকৈ অলপ কম, red lady জাতটোৰ আৰু কম। 

Green berry জাতটো নতুনকৈ উলিয়াইছে ice berry জাত উলিওৱা একেটা অষ্ট্ৰেলিয়াৰ কোম্পানীয়ে। ইয়াৰো প্ৰতিৰোধৰ ক্ষমতা বেছি।


ইয়াৰ লগতে ভাল চাই লোকেল অমিতাৰ সচো বাচি ল’ব পাৰে। পিছে লোকেল জাতৰ অমিতা লাগিবলৈ ডেৰ / দুই বছৰমান লাগে।


Hybrid জাতৰ অমিতাৰ গুটি সিচাৰ ৩০ / ৪০ দিনৰ পিছত পুলিবোৰ লগাব পৰা হৈ যায় । তিনি / চাৰি মাহ মানৰ পৰা অমিতা লাগে, আৰু,  আঠ / দহ মাহ মানৰ পৰা বিক্ৰী আৰম্ভ কৰিব পাৰি।

Hybrid জাতৰ অমিতা গছত চাপৰতে, অৰ্থাৎ কম ওখতে, অমিতা লাগে। এবিঘা মাটিত ৫০০ ৰ পৰা ৭০০ জোপামান লগাব পাৰি।

ৰে’ড লেডী বিধৰ লগত মাকৈ খেতিও কৰিব লাগে। মানে অমিতা গছৰ মাজে মাজে মাকৈৰ গছ লগাব লাগে। তেতিয়া ৰে’ড লেডী অমিতাত হোৱা ringspot নামৰ বেমাৰটো সহজতে নহয় । 

ৰে’ড লেডী গছৰ পৰা বছৰি দুবাৰ অমিতা পোৱা যায় । প্ৰতিবাৰত এজোপাত ২০|৩০ টা অমিতা লাগে। এটা এটা ডেৰ কেজিৰ পৰা দুই কেজি মানৰ হয়।

গ্ৰীন বেৰী বিধতো এজোপাত ২০|৩০ টা অমিতা লাগে ডেৰ কেজিৰ পৰা দুই কেজি মানৰ। আঠ / দহ মাহৰ পিছৰ পৰা অমিতা প্ৰথমবাৰ বিক্ৰীৰ বাবে উপযোগী হৈ উঠাৰ পিছত আঢ়ৈ বছৰমান অমিতা দিয়েই থাকে। এই বিধত বেমাৰ ক’মকৈ হয় বুলি কয়। পিছে কিমান সচা গম নাপাওঁ ।

অসমত দুই তিনিজনে ৰে’ড লেডী আৰু Sapna F1 বিধৰ খেতি কৰি লাভবান হোৱা বুলি গম পাইছো। গ্ৰীন বেৰী বিধৰ বিষয়ে কৰ্ণাটকৰ এজনৰ পৰা গম পাইছো। 

দুয়োবিধৰ গুটি amazon বা আনত অ’নলাইন পোৱা যায় । ওচৰৰ দোকানত পোৱা যায় নেকি সেইটোও খবৰ কৰি ল’ব। 

মনত ৰাখিবলগীয়া কথা এটা হৈছে যে প্ৰতিটো গুটিৰ পৰা গজালি নোলায় । আৰু অ’নলাইনত বেছি discountত বিক্ৰী কৰাবোৰৰ পৰাও বেছি গজালি নোলায় । গতিকে আপোনি যদি এবিঘা মাটিত  ৫০০ গছ লগাম বুলি ভাবে তেনেহ’লে কমেও এহেজাৰ মান গুটি সিচিব লাগিব বোধহয় ।

আৰু এটা কথা থোৰতে কৈ থওঁ । আপুনি যদি এবিঘামান মাটিত অমিতাৰ খেতি কৰিম বুলি ভাবিছে, তেনেহ’লে আপোনাক লগা ৫০০|৭০০  পুলিৰ উপৰিও আৰু ২০০|৩০০ টামান পুলি বেচিকৈ কৰিবলৈ চেষ্টা  কৰিব । কিয়, সেইবিষয়ে পিচত লিখিম। 

আপুনি যদি অমিতা খেতি কৰিম বুলি ভাবিছে, তেনেহ’লে এতিয়া (ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহ দুটাত) গুটি অৰ্ডাৰ দিব পৰা হৈছে। গুটিখিনি আহি পাবলৈ ৭|১০ দিনমান সময় লাগিব। এই সময়চোৱাৰ ভিতৰতে গুটিখিনি পচোৱাৰ বিষয়ে লিখিম। 

গুটিৰ লগতে Tricoderma নামৰ দৰবটোও অনাব। এবিঘাত এক কেজিমান লাগে।  Amazon আৰু  Flipkart দুয়োঠাইতে পোৱা যায় ।

তাৰোপৰি, ৰে’ড লেডী যদি অনায়, তেনেহ’লে মাকৈৰ গুটিও আনিব লাগিব, নহয় জানো!

গুটি আহি পাই মানে যিখিনি ঠাইত গুটি পচাব, সেইখিনি ঠাই প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিব পাৰে, নহয় জানো!