NIFTY’s movement from 6th to 10th June 2022

Free Course image

যোৱা 4-June-2022 তাৰিখে মোৰ “Stock Market-ৰ পৰা Profit কৰক” নামৰ Facebook group-টোত লিখিছিলো যে nifty আৰু তললৈ যোৱাৰ ৭০% সম্ভাৱনা আছে। 

আৰু সঁচাকৈয়ে সেয়ে হ’ল। গোটেই সপ্তাহটোত ওপৰ-তল কৰি থাকি শেষত 1.63% (268 points) তললৈ গ’ল। 

Nifty chart 4June to 10Jun 2022

অহা সপ্তাহত কি হ’ব পাৰে সেইবিষয়ে লিখাৰ আগতে যোৱা সপ্তাহৰ প’ষ্টটো তলত দিলো। সেই প’ষ্টটোত কি লিখিছিলো আপোনালোকে মিলাই চাবলৈ:


Post of 4-June-2022:

“16May2022 তাৰিখে লিখিছিলো যে বৰ্তমান শ্বেয়াৰ মাৰ্কেট unpredictable হৈ আছে। 

সেইদিনাৰ পৰা আজিলৈকে মাৰ্কেট সঁচাকৈয়ে বহুত বেছি volatile হৈ চলি আছে। এদিন যদি gap-up opening হৈছে, বেলেগ এদিন gap-down opening হৈছে। কোনোবাদিন আৰম্ভনিৰ পৰা তললৈ গৈ থাকি হঠাতে বহুত ওপৰলৈ উঠি গৈছে। কোনোবাদিন আকৌ তাৰ সম্পূৰ্ণ ওলোটা।

এই ধৰণৰ volatility আৰু অলপ দিন চলি থাকিব যেন লাগিছে। 

যোৱা ১৫ দিনত nifty প্ৰায় 800 points ওপৰলৈ উঠিছে। কিন্তু ইয়াৰ পিছত কি হ’ব?

সেইটো সময়েহে ক’ব!

মোৰ ধাৰণাত nifty আকৌ তললৈ যোৱাৰ সম্ভাৱনা ৭০% তকৈ বেচি। অৱশ্যে আৰু কেইদিনমান আৰু অলপ ওপৰলৈ যোৱাৰ সম্ভাৱনা আছে।

দেখা যাৱকচোন কি হয়।”


Post of 16-May-2022

“বৰ্তমান শ্বেয়াৰ মাৰ্কেট অতিশয় unpredictable হৈ আছে।‌ এই লেভেলৰ পৰা সি আৰু বহু খিনি তললৈও যাব পাৰে কাইলৈৰ পৰা, বা, ওপৰলৈও উঠিব পাৰে।

যদি ওপৰলৈ উঠে, তেনেহলে হয় অলপ দিনৰ কাৰণে উঠি আকৌ তললৈ যাব, নহয় ওপৰলৈ উঠিয়েই থাকিব। 

এনে unpredictable আৰু confusion-ৰ সময়ত best strategy হৈছে অলপদিন শ্বেয়াৰ কিনা-বেচা নকৰি মাৰ্কেটৰ ৰেহ-ৰূপ চাই থকা । মানে just observe the market for some time। 

এইসময়ত long term investor সকলৰ কাৰণে আন এটা technique হ’ল মাহে মাহে যিমান টকাৰ শ্বেয়াৰ কিনিব বুলি plan কৰি থৈছিলে, তাৰ মাত্ৰ আধা টকাৰেহে শ্বেয়াৰ কিনিব লাগে আৰু বাকী আধা টকা বেংকত জমাই যাব লাগে।‌

পিছত যেতিয়া মাৰ্কেট ওপৰলৈ উঠিব বুলি confirm হোৱা যাই, তেতিয়া এই জমা কৰি ৰখা টকাৰে শ্বেয়াৰ কিনিব লাগে। 

এইয়া হ’ল investor সকলৰ বাবে।

যিসকল traders, তেওঁলোকে মাৰ্কেট ওপৰলৈ যাওতে বা তললৈ আহোতে, দুয়োখিনি সময়তে কিনা-বেচা কৰি থাকি লাভ কৰিবলৈ চেষ্টা কৰে।‌ এই কিনা-বেচা শ্বেয়াৰতো হ’ব পাৰে, future-তো হ’ব পাৰে, বা call options / put options-তো‌ হ’ব পাৰে।”


Loading poll ...

আপুনি যদি শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে বিশেষ নাজানে কিন্তু শিকিব খুজিছে, তেনেহলে আমাৰ এই কৰ্চটো কৰিলে বহুত উপকাৰ পাব:

Stock Market-ৰ পৰা Profit কৰক – LEARN EASILY (learn-easily.com)

Stock Market Course Image

Link to NSE website

By Anupal Bharali

An Educator and Social Thinker. Qualification: B.E. from BITS-PILANI in Electrical & Electronics Engineering. Director, Top-Gyan Edusolutions (OPC) Pvt. Ltd.

We welcome your comments (Please log-in to comment) or (You may use your Google, Facebook, Twitter or wordpress.com account)

%d bloggers like this: