Update on Chambal Fertilizers

#stockmarket  #nifty50   #sensex   #zerodha  #groww

যোৱা 4-May-2023 তাৰিখে লিখিছিলো যে Chambal Fertilizer কোম্পানীৰ শ্বেয়াৰ অলপ কিনিলো @ Rs. 282/- ।

সেই সময়ত মই 270/- ত stoploss set কৰি থৈছিলো। অৰ্থাৎ এই দামতকৈ কমিলে বিক্ৰী কৰি দিম বুলি ঠিক কৰি থৈছিলো।

তাৰ পিছৰ দিনবোৰত এই শ্বেয়াৰটোৰ দাম বাঢ়ি 310/- পাইছিলগৈ। সেই সময়ত ঠিক কৰিছিলো ইয়াৰ দাম যদি 295/- ত কৈ কমি যায় তেতিয়া বিক্ৰী কৰি দিম।

তাৰ পিছৰ দিনবোৰত ইয়াৰ দাম সচাকৈয়ে কমি 295/- ৰ তলত আহিল। গতিকে বিক্ৰী কৰি দিলো 293/- দামত। প্ৰতিটো শ্বেয়াৰত 11/- টকাকৈ লাভ হ’ল। মাত্ৰ!

কিন্তু বিক্ৰী কৰি দি ভালেই কৰিলো কাৰণ শ্বেয়াৰটোৰ দাম কমি কমি মোৰ কিনা দামতকৈ কমলৈ আহিল। তেতিয়াই বিক্ৰী নকৰা হ’লে এতিয়া লোকচানত থাকিলো হয়। 

এইদৰে নিজৰ মূলধনখিনি বচাই ৰখাতো আমাৰ এটা প্ৰধান লক্ষ্যৰ ভিতৰত পৰে। কাৰণ মূলধন হাতত থাকিলেহে আকৌ বেলেগ এটা শ্বেয়াৰত invest কৰিব পৰা যাব। মূলধনেই কমি কমি যদি নাইকিয়া হৈ যায়, বা লোকচান হৈ থকা শ্বেয়াৰত block হৈ থাকে, তেনেহলে নতুন opportunity এটা দেখিলে তাত invest কেনেকৈ কৰিম! 

দ্বিতীয়তে, শ্বেয়াৰ মাৰ্কেটত swing trading কৰিলে এইদৰেই শ্বেয়াৰৰ দামবোৰ বঢ়া-কমা লক্ষ্য কৰি থাকি বেচা-কিনা কৰি থাকিব লগা হয়।


By Anupal Bharali

An Educator and Social Thinker. Qualification: B.E. from BITS-PILANI in Electrical & Electronics Engineering. Director, Top-Gyan Edusolutions (OPC) Pvt. Ltd.

We welcome your comments (Please log-in to comment) or (You may use your Google, Facebook, Twitter or wordpress.com account)

%d bloggers like this: