নুমলিগড় ৰিফাইনেৰীটো (NRL) চৰকাৰে বিক্ৰী কৰাক লৈ বিভিন্ন জনে সংবাদ মাধ্যমত বিভিন্ন কথা কৈ আছে। সেইবাবে অসমৰ জনসাধাৰণৰ মাজৰ এভাগে কথাটো শুদ্ধকৈ বুজা নাই।
মোৰ বহু কেইজন ইঞ্জিনিয়াৰ বন্ধুৱে NRL, OIL আৰু IOC-ত কাম কৰে বা কৰি ৰিটায়াৰ হৈছে। তেওঁলোকৰ পৰা জানিব পাৰিছো মে শুদ্ধ কথাটো এনে ধৰণৰ:
আমি সকলোৱে জানো যে NRLটো চৰকাৰী খণ্ডৰ উদ্যোগ হিচাবে স্থাপন হৈছিল। ইয়াৰ প্ৰায় ৬৫% শ্বেয়াৰ আছিল আন এটা চৰকাৰী খণ্ডৰ উদ্যোগ BPCL-ৰ হাতত। বাকীখিনি আছিল OIL (আন এটা চৰকাৰী খণ্ডৰ উদ্যোগ) আৰু চৰকাৰৰ হাতত। গতিকে NRL-টো সম্পূৰ্ণ ভাৱে চৰকাৰী খণ্ডৰ আছিল।
এতিয়া কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে যে BPCL-টো ব্যক্তিগত খণ্ডলৈ লৈ যাব। যিহেতু চিধা-চিধি লৈ গ’লে NRL-টোও ব্যক্তিগত খণ্ডলৈ গুচি যাব, সেইবাবে NRL-ত থকা BPCL-ৰ গোটেইখিনি শ্বেয়াৰ OIL আৰু EIL (আন এটা চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠান) নামৰ কোম্পানী দুটাক প্ৰথমতে বিক্ৰী কৰি লৈছে।
গতিকে NRL-টো বৰ্ত্তমানো (অৰ্থাৎ বিক্ৰী কৰাৰ পিছতো) চৰকাৰী খণ্ডৰ উদ্যোগ হিচাবেই থাকি যাব।
এতিয়া BPCL-টো ব্যক্তিগত খণ্ডলৈ বিক্ৰী কৰিলেও তাৰ কোনো প্ৰভাৱ NRL-অত নপৰে। ওপৰত কৈ অহাৰ দৰে NRL-টো চৰকাৰী খণ্ডতেই থাকিব।

আশাকৰো কথাটো এতিয়া সকলোৱে পৰিষ্কাৰকৈ বুজিব পাৰিছে।
Full Forms:
NRL : Numaligarh Refinery Limited
OIL : Oil India Limited
IOC : Indian Oil Corporation
EIL : Engineers India Limited
BPCL : Bharat Petroleum Corporation Limited
Engineers India Limited (EIL) is a Navratna public-sector undertaking of the Government of India under the Ministry of Petroleum and Natural Gas. It was set up in 1965 to provide engineering and related technical services for petroleum refineries and other industrial projects.
Oil India Limited(OIL) is a premier Indian National Oil Company engaged in the business of exploration, development and production of crude oil and natural gas.