War of Disinformation কি ?
4 April 2021 :
লেখক: অনুপল ভৰালী
নুমলিগড় ৰিফাইনেৰী বিক্ৰী প্ৰসংগক লৈ মই কৰা আলোচনাটোৰ ওপৰত আপোনালোকৰ ক’মেন্ট আৰু like/love পাই বৰ ভাল লাগিল।
কেইবাজনেও ক’মেন্টত উল্লেখ কৰিছে যে এই লিখনিটোৰ বুজি পোৱা গ’ল যে কিছুমান ‘বুদ্ধিজীৱী’, টিভি চেনেলৰ ‘expert’ আৰু সাংবাদিকে এইক্ষেত্ৰত কোৱা বা লিখা কথাখিনি সচাঁ নহয়।
আজি মই আলোচনা কৰিব খুজিছোঁ এইসকলে কিয় এনে কৰে।
এনে কৰাৰ প্ৰধান কাৰণ হৈছে তেওঁলোক war of disinformation-ৰ এজন এজন সৈনিক ।
আজি কেই দশকমানৰ আগৰ পৰা যুদ্ধক্ষেত্ৰত Army, Navy আৰু Air force-ৰ ওপৰিও এটা বিভাগ থাকে যি মিছা কথা কিছুমান বিপক্ষৰ মাজত বিয়পাবলৈ বহুত যত্ন কৰে। তেওঁলোকে এনে কিছুমান মিছা কথা বিয়পাবলৈ যত্ন কৰে যিবোৰে শত্ৰু পক্ষৰ মনোবল কমাই অনাত অৰিহণা যোগায়।
এটা উদাহৰণ দিলে কথাটো বুজিবলৈ সহজ হ’ব।
পাকিস্তানে ভাৰতত কৈ কেইবা দশক আগতেই এই war of disinformation আৰম্ভ কৰিছিল। আশীৰ দশকৰ পৰাই তেওঁলোকে ভাৰতক এট’ম বোমাৰ (nuclear bomb) ভয় দেখুৱাবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে কৈছিল যে ভাৰতে যদি পাকিস্তানৰ বিপক্ষে কিবা কৰে তেন্তে ভাৰতত এট’ম বোমা পেলাই দিব। কংগ্ৰেছকে ধৰি ভাৰতৰ দুটা/তিনিটা ৰাজনৈতিক দলৰ নেতা সমূহেও এই কথাটোত হয়-ভৰ দিছিল। কেইবাজনো বুদ্ধিজীৱী আৰু প্ৰতিষ্ঠিত সাংবাদিকেও এই কথা সমৰ্থন কৰিছিল। সেইবাবে ভাৰতৰ জনসাধাৰণেও এই কথা বিশ্বাস কৰিছিল আৰু ভয়ত আছিল।
কিন্তু আচলতে কি হ’ল চাওকচোন!
Uri-ত কৰা সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাই পাকিস্তানৰ ভিতৰত সোমাই বহু সংখ্যক সন্ত্ৰাসবাদীক মাৰি আহিল। পাকিস্তানে এট’ম বোমা পেলাবলৈ সাহস কৰিলেনে? নাই, নকৰিলে!
আকৌ, বালাকোটত থকা সন্ত্ৰাসবাদীৰ কেম্প আৰু প্ৰশিক্ষণ শিবিৰ বিমানেৰে বোমা আৰু মিছাইল মাৰি ধ্বংস কৰি দিলে, কেইবা শ সন্ত্ৰাসবাদীক মাৰিলে। পাকিস্তানে এট’ম বোমা পেলাবলৈ সাহস কৰিলেনে? নাই, নকৰিলে!
Article 370 আতৰাই জম্মু-কাশ্মীৰখন ভাৰতৰ লগত সম্পূৰ্ণকৈ মিলাই দিলে। পাকিস্তানে এট’ম বোমা পেলাবলৈ সাহস কৰিলেনে? নাই, নকৰিলে!
ইয়াৰ পৰা কি বুজা যায়?
এট’ম বোমাৰ ভয় খোৱোৱাতো আছিল এটা war of disinformation-ৰ অংশ, নহয় জানো?
এই ভয়টোৰে ভাৰতৰ সৰ্ব্ব-সাধাৰণ জনগণক কাবু কৰি ৰাখি পাকিস্তানে ভাৰতত নানাধৰণৰ কু-কৰ্ম্ম কৰি গৈছিল।
আকৌ এবাৰ ভাবি চাওকচোন। কংগ্ৰেছ, কেইজনমান বুদ্ধিজীৱী আৰু সাংবাদিকে ইয়াক (অৰ্থাৎ এই war of disinformation-অক) support হে কৰিছিল! কিহৰ বাবে? নিশ্চয় টকাৰ বাবে, বা সন্মানৰ পত্ৰ, বা আন সুবিধা কিছুমান পাবৰ বাবে!
ওপৰৰ আলোচনাখিনিৰ পৰা বুজিব পাৰিছে নিশ্চয় যে এই war of disinformation কিমান effective !!!
মোডীৰ নেতৃত্বত অহা BJP চৰকাৰে পাকিস্তানৰ সেই এট’ম বোমাটোৰ পাম-চাৰ [:)] কৰি দিলে, নহয় জানো?
অসমতো বৰ্ত্তমান অসমীয়া জাতিটো ধ্বংস কৰিবলৈ এটা জাতিৰ মানুহে চেষ্টা চলাইছে। তেওঁলোকে এই war of disinformation জোৰদাৰ আৰম্ভ কৰি দিছে।
অসমীয়া মানুহখিনিক ভাৰতীয় মূল-সূতিৰ পৰা আতৰাই আনিব পাৰিলে, BJP আৰু মোডীক বেয়া পোৱা কৰিব পাৰিলে, অসমীয়াৰ নিজৰ মাজতে কাজিয়া বঢ়াব পাৰিলে, অসমীয়া আৰু বঙালীৰ মাজত কাজিয়া লগাই থাকিব পাৰিলে তেওঁলোকৰ কামটো সহজ হয়।
সেয়ে তেওঁলোকে এই war of disinformation যিমান পাৰি সিমান জোৰত চলাই গৈছে। তাত সহযোগ কৰিছে কিছুমান বুদ্ধিজীৱীয়ে, কিছুমান টিভি ‘expert’-এ, কিছুমান প্ৰতিষ্ঠিত সাংবাদিকে, আৰু, social media-ত active কিছুমান পাবত গজা মানুহে।
কাৰণ সেই একে কেইটাই: টকা, বা সন্মানৰ পত্ৰ, বা আন বেলেগ সুবিধা কিছুমান পাবৰ বাবে!
এই war of disinformation পৰাভূত কৰিবলৈ আমি অসমীয়া সকল কেনেকৈ আগবঢ়া উচিত?
সি হ’ব ইয়াৰ পিছৰ আলোচনাটোৰ বিষয়-বস্তু।
আজিলৈ সামৰিলো।
মনলৈ অহা কিছুমান কথা বিভিন্ন জনৰ লগত আলোচনা কৰিবলৈ ফেচবুকত এটা গ্ৰুপ আৰম্ভ কৰা হৈছে। যুক্তি-সঙ্গতভাৱে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা এই গ্ৰুপটোৰ প্ৰধান উদ্দেশ্য।
গ্ৰুপটোৰ নাম হৈছে “ভাবি চাবচোন” ।
ফেচবুক গ্ৰুপটোত কৰা আলোচনাখিনি এই ৱেবছাইটত আপ্-ল’ড কৰা হৈছে।