অমিতা গছৰ প্ৰকাৰ

এই লেখাটোত অমিতা খেতিৰ বিষয়ে অলপ আলোচনা কৰা হৈছে।

অমিতা গছ তিনি প্ৰকাৰৰ থাকে

  1. মতা
  2. মাইকী 
  3. উভয় লিংগ 

প্ৰথমতে উভয় লিংগ গছৰ আলোচনা কৰো। ইয়াৰ প্ৰতিজোপা গছতে অমিতা লাগিব, কাৰণ পৰাগ সংযোজন হ’বলৈ দৰকাৰ হোৱা  মতা আৰু মাইকী দুয়োবিধ একেজোপা গছতে থাকে। গতিকে, আপোনাৰ ঘৰত যদি এজোপাহে অমিতা গছ আছে আৰু ই উভয় লিংগৰ, তেনেহ’লে কোনো চিন্তা নাই; গছজোপাত অমিতা লাগিব ।

মতা অমিতা গছত অমিতা নালাগে। কিন্তু সেইবুলি তাৰ দৰকাৰ নোহোৱা নহয়, দৰকাৰ আছে। গতিকে পটককৈ কাটি নেপেলাব। তলৰ কথাখিনি পঢ়াৰ পিচতহে সিদ্ধান্ত ল’ব।


Male Papaya tree
মতা অমিতা গছ

মতা অমিতা গছত ফুলবোৰ বা অমিতাবোৰ দীঘল ঠাৰিৰ আগতহে লাগে। কেইবাবছৰৰ পিচত ঠাৰিবোৰ দীঘল দীঘল হৈ তাৰ আগত সৰু সৰু ফল কিছুমান লাগে। ইয়াকে কিছু মানুহে মতা অমিতা গছত অমিতা লাগে বুলি কয় বোধকৰো। কিন্তু এইবোৰক আচল অমিতা বুলি ক’ব নোৱাৰি বোধহয় ।


Papaya Tree Female
মাইকী অমিতা গছ

মাইকী অমিতাৰ গছত ফুলবোৰ বা অমিতাবোৰ গাগছডালতে লাগে।


মাইকী অমিতা গছত অমিতা লাগিব, কিন্তু তাৰবাবে ওচৰত মতা গছ লাগিব পৰাগ সংযোজন হ’বলৈ। বা উভয় লিংগৰ গছ লাগিব । আপোনাৰ ঘৰত যদি এজোপাহে অমিতা গছ আছে আৰু ই মাইকী, তেনেহ’লে সেইজোপাত অমিতা নালাগিবও পাৰে। ওচৰৰ ঘৰৰ মতা গছৰ পৰা পৰাগ সংযোজন হ’লেহে অমিতা লাগিব, নহ’লে নালাগে । লাগিলেও বহুত কমকৈ লাগিব, কাৰণ ওচৰৰ ঘৰৰ পৰা হোৱা  পৰাগ সংযোজন কম সংখ্যক  ফুলতহে হ’ব।

সেয়ে বিজ্ঞজনে কয় যে কমেও তিনিজোপা অমিতা ওচৰা-ওচৰিকৈ লগাব লাগে । তেতিয়াহে এজোপা মতা বা উভয় লিংগৰ গছ পোৱা যাব বুলি নিচিন্ত থাকিব পাৰি।

ওপৰত যে কৈছিলো মতা গছজোপা কাটি নেপেলাব বুলি তাৰ বিষয়ে এতিয়া আলোচনা কৰো। আপোনাৰ ঘৰত যদি কেইজোপামান গছত অমিতা লাগিছে কিন্তু এজোপাত লগা নাই, তেনেহ’লে সেইজোপা মতা। কিন্তু তাক কাটি নেপেলাব, নহ’লে বাকী গছবিলাকত অমিতা কমকৈ লাগিব ।

 বিজ্ঞজনৰ মতে দহ/বাৰ জোপা মাইকী অমিতাৰ মাজত এজোপা মতা গছ থাকিব লাগে। তেতিয়া বেচি অমিতা পোৱা যায় । 

অৱশ্যে যদি তিনি/চাৰি জোপা মতা অমিতা দেখে, তেনেহ’লে এজোপা ৰাখি বাকীখিনি কাটি পেলাব । সেই ঠাইত নতুন পুলি লগাই দিব।

মাইকী আৰু উভয় লিংগ গছতো কেতিয়াবা অমিতা নালাগে, বা, লাগিলেও কলিতে সৰি সৰি যায় আন বিভিন্ন কাৰণৰ বাবে। কোনো ধৰণৰ বেমাৰ, জোখতকৈ বেছি বা কম পানী/সাৰ, মাটিখিনিৰ গুণাগুণ  আদিৰ বাবে এনে হ’য়। তেতিয়া বিভিন্নজনে অভিজ্ঞতাৰ পৰা শিকা বিভিন্ন নিয়ম, যেনে মেখেলা পিন্ধোৱা, গছজোপাৰ মাজেৰে বাঁহৰ শলখা ভৰাই দিয়া আদিবোৰ প্ৰয়োগ কৰি চাব পাৰে। বহুতে সুফল পাইছে বুলি কয়।

ভাল সচৰ এজোপা অমিতা গছৰ পৰা বছৰত 50 কেজিমান অমিতা পোৱা যায় । গতিকে  অমিতাৰ খেতি এবিধ লাভজনক খেতি। 

তাৰোপৰি অমিতা গছবিলাকৰ মাজে মাজে আন পাচলি লগাব পাৰি। এইবিষয়ে মই মাল্টি-লেয়াৰ ফাৰ্মিং বিষয়ৰ লেখাটোত আলোচনা কৰিছো। আপুনি যদি সেইটো পঢ়া নাই, তেনেহ’লে পঢ়ি চাব । তেতিয়া আপোনাৰ একেডৰা মাটিৰ পৰা উপাৰ্জন বেচি হ’ব।

%d bloggers like this: