পচনসাৰত কি নিদিব

আজি জনাব বিছাৰিছো পচনসাৰ তৈয়াৰ কৰোতে কি কি নিদিব:

(১) টেঙা বস্তু নিদিব। আনকি সিহঁতৰ বাকলিও নিদিব। যেনে নেমুটেঙা, ৰবাবটেঙা, কমলা, আদি ।

(২) জলকীয়া জাতীয় বস্তু নিদিব। 

ওপৰৰ দুটা কেতিয়াও নিদিব। 

তলৰ কেইটা নিদিয়াটো ভাল (যদিও কিছুমানে দিয়ে) ।

(৩) গাখীৰ বা গাখীৰ থকা বস্তু নিদিব। নহ’লে মাখি, কুণিমাখি আদিকে ধৰি বহুতো পোক হ’ব। আৰু বহুত গোন্ধাব। কেইদিনমানৰ পাছত আপোনাৰ পচনসাৰ তৈয়াৰ কৰি থকা বাকচটোৰ (বা বাল্টিটোৰ) ওচৰলৈ যাবলৈ দিগদাৰ লাগিব। 

(৪) ৰন্ধা বস্তু বা তেলত ভজা বস্তু নিদিব; কাৰণটো ৩-নম্বৰৰ লগত একেই।

(৫) দৈ নিদিব। 

এই ৩, ৪ আৰু ৫ নম্বৰৰ বস্তু বিলাক দিলে আৰু এটা অসুবিধা হয়: ইহঁতৰ গোন্ধ পাই শাক-পাচলি আৰু ফল-মূলৰ অনিষ্ট কৰা বিভিন্ন ধৰণৰ পোক-পৰুৱা আহি যায় পচনসাৰ তৈয়াৰ কৰি থকা বাকচলৈ। আৰু ইহঁতে কণী পাৰি থৈ যোৱাৰ সম্ভাৱনা থাকে। সেইবাবে মই এইবোৰ বস্তু নিদিওঁ।


ঘৰৰ চাদত খেতি‘ নামৰ ফেচবুক গ্ৰুপৰ কেইজনমান সদস্যই বিভিন্ন সময়ত সোধা  দুটামান প্ৰশ্নৰ উত্তৰ সেই সময়ত দিব পৰা নাছিলোঁ । আজি‌ তাৰে কেইটামানৰ উত্তৰ দিব ওলাইছো:

(১) পচনসাৰত টেঙা বস্তু কিয় দিব নালাগে?

যিবোৰ অতি সৰু সৰু জীৱই আমি দিয়া সেউজীয়া আৰু শুকান বস্তুবোৰ পচনসাৰলৈ পৰিবৰ্তন কৰি দিয়ে সিহঁতৰ এভাগে ( অৰ্থাৎ একাংশই)  ‘এচিড’ সহ্য কৰিব নোৱাৰে। 

আপুনি জানেই নিশ্চয় যে টেঙা বস্তুবোৰত বেলেগ বেলেগ ধৰণৰ এচিড থাকে। সেইবাবে টেঙা বস্ত দিলে এই ভাগ জীৱ মৰি যায়। ফলত পচন প্ৰক্ৰিয়াটো বহুত‌ ধীৰ (slow) হৈ যায়। সেইবাবে পচনসাৰ তৈয়াৰ হৈ উঠিবলৈ‌ বহুত মাহ (বা বছৰ) লাগি যায়।

এই কাৰণেই পচনসাৰ তৈয়াৰ কৰোতে টেঙা বস্ত দিব নালাগে। 

(২) জলকীয়া জাতীয় বস্তু কিয় দিব নালাগে?

সেই সৰু সৰু জীৱবিলাকৰ আন এটা ভাগে জলকীয়াৰ নিচিনা জলা বস্ত সহ্য কৰিব নোৱাৰে। ফলত মৰি যায় ।


Please give your feedback on the content: