সহজতে মনত থকা শক্তিশালী PASSWORD কেনেকৈ বনাব
আজিকালি অ’ন-লাইন স্কেমৰ দিনত (online scam) নিজৰ একাউণ্টৰ password শক্তিশালীকৈ দিয়াটো অতি প্ৰয়োজনীয়।
Password টোক ঘৰৰ দুৱাৰৰ তলা বুলি ধৰিব পাৰি। বেলেগ বেলেগ দুৱাৰত বেলেগ বেলেগ তলা লগোৱাৰ নিচিনাকৈ বেলেগ বেলেগ অ’ন-লাইন একাউণ্টৰ বাবে বেলেগ বেলেগ password ব্যৱহাৰ কৰিব লাগে; একেটা password সকলো একাউণ্টৰ বাবে ব্যৱহাৰ কৰিব নালাগে। নহ’লে এই এটা password কোনোবাই গম পাই গ’লে, গোটেইবোৰ একাউণ্ট চাব পৰা হৈ যাব।
কিছুমান মানুহে (cyber criminals-এ) আপোনাৰ password break কৰি আপোনাৰ অপকাৰ কৰিবলৈ চেষ্টা কৰি থাকে। সিহঁতে যাতে সহজতে এই কাম কৰিব নোৱাৰে তাৰ বাবে এটা শক্তিশালী password ব্যৱহাৰ কৰিব লাগে।
আজিৰ আলোচনাৰ বিষয় এইটোৱেই – password কেনেকৈ শক্তিশালী কৰিব পাৰি।
Password শক্তিশালী কৰাৰ প্ৰথম খোজটো হৈছে password-টোত কমেও ১১ টা (এঘাৰটা) আখৰ ব্যৱহাৰ কৰা। এনে কৰিলে কোনোবাই কম্পিউটাৰ ব্যৱহাৰ কৰি password-টো ভাঙিব খুজিলেও কেইবাবছৰো লাগি যাব। সেয়ে এদিন/দুদিন চেষ্টা কৰাৰ পিছত, সি আপোনাৰটো এৰি আনৰ password ভাঙিবলৈ চেষ্টা কৰিব।
দ্বিতীয়তে আমি password-টোত capital letters, small letters, 0-9 লৈ digit (সংখ্যা) কেইটা, আৰু special symbols (@ # & – আদি ) ব্যৱহাৰ কৰিব লাগে। যেনে এটা শক্তিশালী password হৈছে এইটো: Pgtx&371#Qd
এতিয়া কথা হ’ল এনে এটা password দিলে আমাৰ নিজৰে মনত ৰাখিবলৈ অসম্ভৱ হ’ব, নহয় জানো?
গতিকে আমি এনে এটা কৌশল ব্যৱহাৰ কৰিব লাগিব যিটোৱে দীঘল শক্তিশালী password এটা বনাবলৈ সুবিধা দিব আৰু লগতে তাক মনত ৰাখিবলৈও সহজ কৰি দিব।
ধৰক গাড়ী বুলি ক’লে আপোনাৰ মনলৈ আহে Maruti. এই শব্দটোৰ পৰা ‘ruti’ বাচি লওঁক। ইয়াক শুনোতে ‘ৰুটি’ যেন লাগে কাৰণে মনত ৰৈ যাব। তাক আৰু অলপ সলনি কৰি ‘Rooti’ কৰি লওঁক । এইটো আমাৰ password-ৰ এটা অংশ হ’ব।
দ্বিতীয় অংশৰ বাবে pin code ল’ব পাৰে। ধৰক আপোনাৰ ঘৰ যোৰহাটত, তাৰ pincode হ’ল 783001 । গোটেই pincode-টো হুবহু নলৈ তাক অলপ সলাই দিয়ক। ধৰক আমি ঠিক কৰিলো যে তিনি নম্বৰৰ digit-টো বাদ দি দিম। তেতিয়া সংখ্যাটো হ’ব – 78001.
তৃতীয় অংশৰ বাবে এটা symbol লওঁক। ধৰক লোৱা হ’ল @ ।
এতিয়া এই তিনিটা লগলগাই আমি আমাৰ password-টো বনাব পাৰিম।
Rooti@78001
এঘাৰটা আখৰ আছে, আৰু capital, small, symbol, digit সকলো আছে। গতিকে এটা শক্তিশালী password, অথচ কোনেও আন্দাজত ভাবি উলিয়াব নোৱাৰিব!
আপোনাৰ কিন্তু মনত থাকি যাব। ইচ্ছা কৰিলে আপুনি password-টো কাগজত এনেকৈ লিখি ৰাখিবও পাৰে:
Maruti@Jorhat
কোনোবাই এইটো দেখা পালেও আচল password-টো ভাবি উলিয়াব নোৱাৰিব। কাৰণ শব্দবোৰ আপুনি কেনেকৈ সলনি কৰিছে আন কোনেও নাজানিব।
উদাহৰণ স্বৰূপে, ‘Maruti’ শব্দটো বেলেগ বেলেগ ধৰণেৰে সলনি কৰিব পাৰি:
Maruti -> Ma -> Mother
বা, Maruti -> Mati -> Earth
বা, Maruti -> Mart -> Mall বা Shop
তেনেকৈয়ে, pincode-টোৰ পৰা যিকোনো স্থানৰ digit-টো বাদ দিব পাৰি। খালি নিয়ম এটা কৰি ল’ব যে বেলেগ বেলেগ password বনোৱা সময়ত সদায় একে স্হানৰ digit-টো বাদ দিব। তাৰোপৰি আপুনি থকা ঠাইখনৰ pincode ব্যৱহাৰ নকৰি, আপোনাৰ পচন্দৰ আন এখন ঠাইৰ pincode ব্যৱহাৰ কৰিব পাৰি।
আশাকৰোঁ মোৰ এই কৌশলটো বুজি পালে। এনেকৈ password-বোৰ বনাই ল’লে এইবোৰ বহুত শক্তিশালী আৰু মনত ৰাখিবলৈ সুবিধা হ’ব। তেতিয়া cyber criminal-এ সহজতে আপোনাৰ অপকাৰ কৰিব নোৱাৰিব।
