সুস্থ হৃদপিণ্ড – দ্বিতীয় ভাগ
প্ৰথম ভাগৰ শেষৰ ফালে কৰ’নেৰী হাৰ্টৰ অসুখৰ বিষয়ে আলোচনা আৰম্ভ কৰিছিলোঁ।
“অধিকাংশ মানুহে ভোগা হাৰ্টৰ অসুখ বিধ হৈছে কৰ’নেৰী হাৰ্টৰ অসুখ। যেতিয়া হৃদপিণ্ডলৈ অক্সিজেনযুক্ত তেজৰ সৰবৰাহ কমি যায়, সেই অৱস্থাত হোৱা হাৰ্টৰ অসুখক কোৱা হয় কৰ’নেৰী হাৰ্টৰ অসুখ।“
তাৰে আঁত ধৰি আজি কথাখিনি আগবঢ়াই নিঁও।
হৃদপিণ্ডলৈ অক্সিজেনৰ সৰবৰাহ কি কাৰণত কম হ’ব পাৰে বাৰু? ইয়াৰ এক প্ৰধান কাৰণ হৈছে হৃদপিণ্ডলৈ তেজ প্ৰবাহিত হোৱা ধমনীবোৰৰ (arteries) বাট ঠেক হোৱা। ইয়াক atherosclerosis বুলি কয়।
ইয়াৰ পিছৰ পৰ্যায়ত কিছুমান ধমনীৰ বাট বন্ধ হৈ যাব পাৰে অথবা ধমনীৰ মাজৰ কোনো অংশত চৰ্বী জমা হৈ তেজ যোৱাত বাধা দিব। ফলত অক্সিজেনযুক্ত তেজ অতি কম পৰিমাণে হৃদপিণ্ডলৈ প্ৰবাহিত হব- তেনে অৱস্থাত হৃদপিণ্ডৰ কাম কৰাৰ ক্ষমতা অধিক নিম্নগামী হয়, তেতিয়া বুকুৰ বিষ (angina), হাৰ্ট এটেক (heart attack) অথবা বুকুৰ ধপ্ধপনি অনিয়মীয়া হয়। Angina হ’লে বুকুখন মুচৰি যোৱা যেন লাগে। এই বিষ কান্ধ, বাহু, ডিঙি অথবা পিঠিলৈও বিয়পিব পাৰে।
মই ওপৰত উল্লেখ কৰা কাৰক সমূহ নিয়ন্ত্ৰণত ৰাখি হৃদপিণ্ডখন সুস্থ – সবল কৰি ৰাখিবৰ বাবে আৱশ্যক এক স্বাস্থ্যকৰ জীৱন- শৈলী। আহকচোঁন আমি এই উপায়সমূহ বিশ্লেষণ কৰি চাওঁ!
Written by:

Mrs. Lukima Baruah
খাদ্যবিশেষজ্ঞা
M.Sc. Dietetics & Food Service Management,
M.Sc. Child Development & Family Relationships,
অৱসৰপ্ৰাপ্ত স্বাস্থ্যশিক্ষা বিষয়া, অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়
আহাৰ :
- অতি তেলযুক্ত আৰু অধিক নিমখযুক্ত খাদ্যই আমাৰ দেহত উচ্চ ৰক্তচাপ ( High blood pressure) সৃষ্টি কৰে। অধিক নিমখে শৰীৰত পানী ধৰি ৰাখি উচ্চ ৰক্তচাপৰ সৃষ্টি কৰে। গতিকে অত্যধিক নিমখ খোৱাৰ পৰা বিৰত থাকক।
- যি চৰ্বী সাধাৰণ উষ্ণতাত গোট মাৰে, তেনে ঢৰ্বী কম পৰিমাণে খোৱা উচিত। যেনে- ছাগলী, গাহৰি, গৰু আদিৰ দেহত থকা চৰ্বী, ফাষ্ট ফুড, বেকাৰীত তৈয়াৰী খাদ্য, চিপচ্, ক্ৰেকাৰচ্ আদি। কিয়নো এনে চৰ্বীয়ে শৰীৰত অপকাৰী কলেষ্ট’ৰেলৰ মাত্ৰা বঢ়াই হৃদপিণ্ডৰ ৰক্ত পৰিবাহী নলীবোৰৰ ভিতৰত তৰপৰ সৃষ্টি কৰি নলীৰ বাটটো ঠেক কৰে, ফলস্বৰূপে অক্সিজেন আৰু পুষ্টি উপাদান থকা তেজ প্ৰয়োজন অনুপাতে হৃদপিণ্ডই পাবলৈ সমৰ্থ নহয়।
- তাৰোপৰি, বেছি তেলযুক্ত খাদ্য খোৱা মানে বেছি কেলৰি পাব শৰীৰে, যি শৰীৰৰ ওজন বঢ়াৰ এক কাৰক। অন্যহাতে, বেছি ওজন হাৰ্টৰ অসুখৰ এক কাৰক।
- আমেৰিকাৰ এক গৱেষণাৰ পৰা কিছুদিন আগতে এইটো প্ৰমাণিত হৈছে যে চৰ্বীতকৈও হাৰ্টৰ অসুখৰ বাবে মাৰাত্মক হৈছে কম আহঁযুক্ত শ্বেতসাৰ ( refined carbohydrates) যেনে ময়দা, চেনি, অনান্য মিঠাৰ উৎসসমূহ। আমেৰিকান হাৰ্ট এছ’চিয়েচনে এই কথা সদৰী কৰিছে।
এনে শ্বেতসাৰেও হৃদপিণ্ডৰ ৰক্ত পৰিবাহী নলীবোৰৰ ভিতৰত তৰপৰ সৃষ্টি কৰি তেজ যোৱা বাটটো ঠেক কৰি পেলায়। তাৰোপৰি তেজৰ গাঢ়তা (concentration) বঢ়াই তেজৰ গতি মন্থৰ ( slow) কৰে আৰু নলীসমূহৰ শিথিলতা (flexibility) কমায়। ফলস্বৰূপে, হৃদপিণ্ডৰ ক্ষতি হোৱাৰ আশংকা বাঢ়ি যায়।
- আনহাতে, অধিক আহঁযুক্ত খাদ্যই শৰীৰত হাৰ্ট উপযোগী (heart friendly) কলেষ্ট’ৰেলৰ মাত্ৰা বৃদ্ধি কৰে, তেজ তৰল কৰি ৰাখে, নলীসমূহ শিথিল (flexible) ৰাখে। ফলত, তেজৰ স্বাভাৱিক ঢলাচল হয় ( free flow) আৰু হৃদপিণ্ড সুৰক্ষিত থাকে।
শাৰীৰিক ব্যায়াম:
নিতৌ খোজ কঢ়া, ঘৰুৱা কাম-কাজ কৰা, ফুলনি/ শাকনি বাৰী তদাৰক কৰা, ওচৰৰ ঠাইলৈ পৰাপক্ষত খোজ কাঢ়ি যোৱা আদিৰ দ্বাৰা আমি নিজকে সক্ৰিয় কৰি ৰাখিব পাৰো। সৰু ল’ৰা -ছোৱালীবোৰে মবাইল, কম্পিউটাৰ আদি ব্যৱহাৰৰ সময় কমাই খেলা-ধূলা, ব্যায়ামৰ যোগেদি সক্ৰিয় হৈ থাকি এক সুস্থ জীৱন-শৈলী (healthy lifestyle) অনুকৰণ কৰি হাৰ্টখন সুৰক্ষিত ৰাখিব পাৰে।
মানসিক উদ্বেগ (anxiety), মানসিক চাপ (stress) কমাই ৰাখিবৰ বাবে যোগাসন, প্ৰাণায়ম, ধ্যান অতি উত্তম উপায়। ইয়াৰ নিয়মিত অভ্যাসৰ দ্বাৰা আমি হৃদপিণ্ডখন সুস্থ- সবল কৰি ৰাখিব পাৰো।
সামৰণিত কঁও যে সজাগতা, সতৰ্কতা আৰু সাৱধানতাই হৈছে এই silent killer ৰ পৰা নিজক যথাসম্ভৱ আতৰঁত ৰখাৰ এক ফলপ্ৰসূ উপায়।
উপৰুক্ত কথাখিনি পঢ়াৰ পিছত আপোনালোকে নিশ্চয় উপলদ্ধি কৰিছে যে সুষম আহাৰ গ্ৰহণ হৃদপিণ্ডখন সুৰক্ষিত ৰখাৰ এক প্ৰধান উপায়। গতিকে স্বাস্থ্যৰ প্ৰতি সজাগ লোকসকলে মই প্ৰস্তুত কৰা খাদ্য তালিকাৰ মতে আহাৰ গ্ৰহণ কৰি সুফল পাব পাৰে।
খাদ্য তালিকা এখন কেনে ধৰণৰ হয় সেইটো দেখুওৱাবলৈ তলত এখন sample diet chart দিয়া হৈছে। এইখনত হৃদৰোগী এজনে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিপুৱাৰ জলপান (Breakfast) খোৱালৈকে কি কি ধৰণৰ খাদ্য খাব পাৰিব সেইটো দিয়া হৈছে (যদি মানুহজনৰ আন কোনো ৰোগ নাই তেনেহলে)।
সম্পূৰ্ণ খাদ্য তালিকাখন যদি জানিবলৈ বিচাৰিছে তেন্তে লেখিকাৰ লগত যোগাযোগ কৰিব।
ম’বাইল আৰু WhatsApp : 98640 76716
যিকোনো ৰোগ নিৰাময় বা prevention-ৰ বাবে খাদ্য-তালিকা যদি লাগে, তেনেহলেও লেখিকাৰ লগত যোগাযোগ কৰিব পাৰে।
[mpdl-file-link file_id=6961]