Demat Account কি?
Demat শব্দটো আহিছে Dematerialized শব্দটোৰ পৰা। এই বিষয়ে বুজিবলৈ সহজ।
1996 চনৰ আগলৈকে ভাৰতত share certificate-বিলাক কাগজত print হৈ আহিছিল। Share certificate মানে আপুনি যদি ধৰক SAIL-ৰ এশটা share কিনে, তেনেহলে এখন কাগজত print হৈ আহিব আপোনাৰ নাম, ঠিকনা, SAIL-ৰ 100 টা share, আদি। এইখনকে share certificate বুলি কোৱা হয়

সেই সময়ত share কিনা-বেচা কৰিবলৈ বৰ টান আছিল, আৰু সময়ো বহুত লাগিছিল। Share কিনাৰ পিচত তাৰ share certificate খন post office-ৰ যোগেদি আহি পাবলৈ 15/20 দিন লাগি গৈছিল। আপুনি যেতিয়া share বিক্ৰী কৰিব, তেতিয়া এই share certificate খন post office-ৰ যোগেদি পঠিয়াই দিব লাগিছিল। share বিক্ৰী কৰাৰ বহুত দিনৰ মূৰতহে টকাখিনি আপোনাৰ হাতত পৰিছিলহি। গতিকে বুজিব পাৰিছেই নিশ্চয় যে কিমান অসুবিধাৰ দিন আছিল।
1996 চনত ভাৰত চৰকাৰে এই share certificate-বোৰ বা share-বোৰ electronic form-অত ৰখাৰ সিদ্ধান্ত ল’লে।
কাগজখন এটা material বুলি ক’ব পাৰি। এই material বস্তুটোক electronic form-লৈ ৰূপান্তৰিত কৰাটোক dematerialized কৰা বুলি ক’ব পাৰি।
এই dematerialized শব্দটোৰ পৰা demat শব্দটোৰ উৎপত্তি হ’ল।
আজিকালি share-বোৰ demat form-অত থাকে। আপুনি যদি আজি SAIL-ৰ 100 টা share কিনে @ Rs. 150, আপোনালৈ কাগজৰ share certificate নাহে। আপোনাৰ trading account-ৰ পৰা 15,000 টকা কমি যাব, আৰু, আপোনাৰ trading একাউণ্টত 100-টা SAIL-ৰ share যোগ হৈ যাব।
কিন্তু এই এশটা SAIL-ৰ share আপোনাৰ trading account-ত বেছিদিন নাথাকে।
SEBI-এ নিয়ম কৰি দিছে যে এই demat আকাৰত থকা share-বোৰ আপোনাৰ trading account-ৰ পৰা আপোনাৰ demat account-লৈ transfer হৈ যাব লাগিব এক নিৰ্দিষ্ট সময়ে সময়ে। এই transfer কৰাৰ দ্বায়িত্বটো দিছে broker-সকলক। আপুনি যিটো broker company-ত আপোনাৰ trading account খুলিছে, এই transfer কৰাৰ দ্বায়িত্বটো সেই broker company-টোৰ।
গতিকে এই কামটো আপুনি নিজে কৰিব নালাগে। Automatically হৈ থাকিব। মাত্ৰ আপুনি নিজৰ demat account এটা খুলি ল’ব লাগিব।
এই demat account-টো খুলিবলৈ আপোনাৰ broker company-টোৱে সুবিধা কৰি দিব। আপুনি একো চিন্তা কৰিব নালাগে।
আপোনাৰ demat account-টো NSDL বা CDSL-ৰ অধীনত থাকিব। এই দুয়োটা Indian Govt. registered আৰু SEBI Approved সংস্থা।
NSE stock exchange-ৰ লগত NSDL জড়িত। আনহাতে, BSE stock exchange-ৰ লগত CDSL জড়িত।
আগতে কৈ অহাৰ দৰে আপুনি যদি 3-in-1 account এটা খুলে, তেনেহলে আপোনাৰ বিশেষ কৰিবলগীয়া নাথাকে। সকলোবোৰ কাম automatically হৈ থাকে।
তথাপিও আপুনি এই process-টোৰ বিষয়ে জনা উচিত, আৰু মাজে মাজে check কৰি চাই থাকিব লাগে এই কামবোৰ automatically শুদ্ধ ভাৱে হৈ আছেনে নাই। নহ’লে বদমাচ broker-এ আপোনাৰ ষ্ট’কত খেলিমেলি কৰিব পাৰে।