জীৱন বাটত বোটলা কিছু সোণসেৰীয়া কথা
(১) সহজতে মনত থকা শক্তিশালী PASSWORD কেনেকৈ বনাব
আজিকালি অ’ন-লাইন স্কেমৰ দিনত (online scam) নিজৰ একাউণ্টৰ password শক্তিশালীকৈ দিয়াটো অতি প্ৰয়োজনীয়। কিছুমান মানুহে (cyber criminals-এ) আপোনাৰ password break কৰি আপোনাৰ অপকাৰ কৰিবলৈ চেষ্টা কৰি থাকে। সিহঁতে যাতে সহজতে এই কাম কৰিব নোৱাৰে তাৰ বাবে এটা শক্তিশালী password ব্যৱহাৰ কৰিব লাগে।

আজিৰ আলোচনাৰ বিষয় এইটোৱেই – password কেনেকৈ শক্তিশালী কৰিব পাৰি।