পঢ়াৰ ঠাই – page 1

A young boy drawing with a pencil at a white desk with a green lamp in a bright study room

এতিয়া মই সেই ঠাইখিনিৰ বিষয়ে আলোচনা কৰিম, য’ত তুমি সাধাৰণতে পঢ়া-শুনা কৰিবা। তোমাৰ এক নিৰ্দিষ্ট পঢ়াৰ ঠাই থাকিব লাগে। ই তোমাক বহু দিশত সহায় কৰিব। কিয় বাৰু?

যিহেতু তুমি সদায় সেই ঠাইতহে পঢ়া-শুনা কৰা, সেয়ে যেতিয়াই তুমি সেই ঠাইত বহিবা, তেতিয়াই তোমাৰ মনলৈ আহিব—‘এতিয়া পঢ়াৰ সময়।’ তদুপৰি, প্ৰতিদিনে প্ৰায় একে ধৰণৰ বস্তুৱে তোমাক ঘেৰি থাকিব। এইবোৰে এটা বিশেষ পৰিৱেশ সৃষ্টি কৰিব; আৰু এই পৰিৱেশে তোমাক সদায় মনত পেলাই থাকিব—এতিয়া পঢ়াৰ সময়।

এই সহায়ক পৰিৱেশত তোমাৰ মনোনিবেশ কৰা বহুত সহজ হ’ব। আৰু যেতিয়া মনোনিবেশ কৰা সহজ হয়, তেতিয়া পঢ়াটোও সহজ হৈ পৰে।


Photo of Anupal Bharali

“এই কথাখিনি মোৰ ‘পৰীক্ষাৰ বাবে কেনেকৈ পঢ়িব লাগে’ নামৰ কিতাপখনৰ পৰা লোৱা হৈছে। 1995-ত প্ৰথম প্ৰকাশ পোৱা এই কিতাপখন অতি কম দিনৰ ভিতৰতে  Best Seller হৈছিল। হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই কিতাপখন পঢ়ি উপকৃত হৈছে বুলি মোক জনাইছে।”


লেখক: অনুপল ভৰালী B.E. (BITS-PILANI)
মেট্ৰিক আৰু হায়াৰ-ছেকেণ্ডেৰীত সপ্তম স্থান প্ৰাপ্ত


পঢ়াৰ ঠাইখন আৰামদায়ক হ’ব লাগিব আৰু যথেষ্ট পোহৰ আৰু বায়ু পৰিবহণ থকা উচিত। অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে টেবুল-চেয়াৰৰ ছেটত বহি পঢ়িবলৈ পছন্দ কৰে। আন বহুতে বিচনাত, ছোফাত বা নিজৰ পছন্দৰ আন কোনো ঠাইত পঢ়িবলৈ ভাল পায়। তুমি ক’ত পঢ়িবলৈ বেছিকৈ পছন্দ কৰা, সেইটো বিশেষ গুৰুত্বপূর্ণ নহয়—যেতিয়ালৈকে তুমি মনোযোগ সহকাৰে পঢ়িব পাৰা।

তোমাৰ পঢ়াৰ ঠাই নিৰ্বাচন কৰোঁতে তলত দিয়া বিষয়বোৰ বিবেচনা কৰা উচিত—
(১) উপযুক্ত পোহৰৰ গুৰুত্ব
(২) পৰিষ্কাৰ আৰু বিশুদ্ধ বায়ুৰ প্ৰয়োজনীয়তা
(৩) তোমাৰ শৰীৰৰ ভংগিমা (posture)

এতিয়া মই এই বিষয়বোৰৰ ওপৰত বহলাই আলোচনা কৰোঁ।


Page 2 – পঢ়াৰ ঠাইত পোহৰৰ গুৰুত্ব