শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে অসমীয়াত শিকক
আমি সকলোৱে শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে কম-বেচি পৰিমাণে শুনিছো। কিছুসংখ্যক লোক শ্বেয়াৰ বজাৰত দিনে-ৰাতিয়ে লাগি থাকে, আনহাতে কিছুসংখ্যক লোক ইয়াৰ পৰা বহুত দূৰত থাকে।
পিছে মোৰ ধাৰণাত সকলো মানুহে শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে কিছু জনা উচিত। সেইবাবে এই আলোচনাখিনি কৰিবলৈ মনস্থ কৰিছোঁ।
ফেচবুক, YouTube, WhatsApp আদি social media-ত হৈ থকা আলোচনাৰ পৰা এটা কথা লক্ষ্য কৰিছো যে বহু সংখ্যক মানুহেই stock market-ৰ বিষয়ে একেবাৰে নাজানে, অথবা, অলপ অলপ হে জানে। যিসকলে বহুত জানে তেওঁলোকে এনে ধৰণৰ social media আলোচনাত ভাগ নলয়।
এজন মানুহে যদি বিশেষ একো নজনা কৈ stock কিনা-বেচা কৰিবলৈ আৰম্ভ কৰে, তেনেহ’লে লোকচান খোৱাৰ সম্ভাৱনা অতি বেছি।
Stock market -ত হাজাৰ হাজাৰ মানুহে লাভ কৰাৰ কাহিনী আপোনালোকে শুনিছে নিশ্চয়। কিন্তু তাৰ লগতে লাখ লাখ মানুহে যে লোকচান খাইছে, সেই কাহিনী বোৰ বেছিকৈ প্ৰকাশ নহয়।
Stock market-ৰ বিষয়ে ভালকৈ নজনাকৈ ইয়াত কিনা-বেচা কৰি থাকিলে যিকোনো মানুহৰে লোকচান হে হ’ব; লাভ নহয়।
এই ৱেবছাইটত আৰু ইয়াৰ লগৰ YouTube চেনেলত শ্বেয়াৰ মাৰ্কেটৰ ওপৰত আলোচনা কৰা হৈছে। এইখিনি সকলোৱে পঢ়িব/শিকিব পাৰিব কোনো ধৰণৰ খৰছ নোহোৱাকৈ।
তাৰপিছত যদি আপোনাৰ ইচ্ছা হয় এইবিষয়ে গভীৰভাৱে শিকি শ্বেয়াৰ মাৰ্কেটৰ পৰা লাভ কৰাৰ, তেনেহলে আপুনি আমাৰ কৰ্চ কৰি লাভৱান হ’ব পাৰিব।
কথাখিনি বেছি দীঘলীয়া নকৰি পোনে পোনে শিকিবলৈ আৰম্ভ কৰা যাওঁক।
(2) ষ্ট’ক কেনেকৈ কিনা-বেচা কৰিব পাৰি?