ষ্ট’ক কিনা-বেচা কেনেকৈ কৰিব পাৰি?
ষ্ট’ক কিনা-বেচা কৰিবলৈ কিছুমান Stock Exchange থাকে। যেনে:
NSE: National Stock Exchange
BSE: Bombay Stock Exchange
এই প্ৰতিটো Stock Exchange-ৰ অধীনত কিছুমান Broker আছে। ডাঙৰ ডাঙৰ Broker কোম্পানী বিলাকে নিজৰ অধীনত Sub-Broker নিয়োগ কৰে। আপুনি এনে এটা broker company-ৰ জৰিয়তে ষ্ট’ক কিনা-বেচা কৰিব লাগিব।
ইয়াত লিখা কথাখিনি এই ভিডিঅ’টোতো আছে। আপুনি ইচ্ছা কৰিলে কথাখিনি নপঢ়ি এই ভিডিঅ’টোও চাব পাৰে।
ভাৰতৰ কিছুমান Broker Company হৈছে:
- Angel Broking
- Zerodha
- Motilal Oswal
- Sharekhan. আদি।
এইবোৰৰ উপৰিও কেইবাটা বেঙ্কেও broke-ৰ কাম কৰে। যেনে:
- SBI,
- ICICI,
- Punjab National Bank,
- Axis Bank
ষ্ট’ক মাৰ্কেটৰ গোটেই কামখিনি control কৰিবলৈ ভাৰত চৰকাৰে এখন বৰ্ড বনাই দিছে। তাৰ নাম হৈছে SEBI, Securities and Exchange Board of India.
এই SEBI-এ বনাই নিয়া Rules & Regulations বিলাক মানি চলি সকলোৱে কাম কৰিব লাগে।
আপুনি ষ্ট’ক কিনা-বেচা আৰম্ভ কৰিবলৈ এনে কোনো এটা broker company-ত এটা একাউণ্ট খুলিব লাগিব। এই একাউণ্টটোক কোৱা হয় আপোনাৰ Trading Account।
ইয়াৰ বাবে আপোনাৰ PAN Card, Aadhaar card, বেঙ্ক একাউণ্ট আদি লাগিব।
এই Trading Accountটো আপোনাৰ বেঙ্ক একাউণ্টৰ লগত connect হৈ যাব। আপুনি নিজৰ বেঙ্ক একাউণ্টৰ পৰা এই Trading account-লৈ টকা পঠিয়াব পাৰিব। তাৰ পিছত Trading account-ত থকা টকাৰে ষ্ট’ক কিনিব পাৰিব।
যেতিয়া ষ্ট’ক বিক্ৰী কৰিব, তেতিয়া যি টকা পাব সেইখিনি আপোনাৰ Trading account-ত জমা হ’ব। সেই টকাৰে আপুনি আকৌ ষ্ট’ক কিনিব পাৰিব।
Trading account-ত জমা থকা টকা আপুনি ইচ্ছা কৰিলে নিজৰ বেঙ্ক একাউণ্টলৈ লৈ আনিব পাৰিব। তেতিয়া সেই টকা খিনি আপুনি বেঙ্কৰ পৰা উলিয়াই আনিব পাৰিব।
এইদৰে আপোনাৰ ইচ্ছা অনুসৰি বেঙ্কৰ একাউণ্ট আৰু trading account-ৰ মাজত টকা অনা-নিয়া কৰি থাকিব পাৰি।
ষ্ট’ক কিনা-বেচা কৰিবলৈ আপোনাক আৰু এটা একাউণ্ট লাগিব। তাৰ নাম হৈছে demat account।
এইটো একাউণ্টৰ বিষয়ে বেলেগ এটা lesson-ত আলোচনা কৰিম।
বহুত complicated যেন লাগিছে নেকি?
আজিৰ পৰা 25/30 বছৰৰ আগত complicated আছিল। আজিকালি কম্পিউটাৰ আৰু mobile-ৰ যুগত এই কাম অতি সহজ হৈ পৰিছে।
আপুনি আজিকালি একেবাৰতে 3-in-1 account খুলিব পাৰিব । এইদৰে খুলিলে আপোনাৰ Bank account, Trading account আৰু Demat account একেলগে খোল খাই যায়। তাৰোপৰি, গোটেই কেইটা একাউণ্ট connected হৈ যায়।
এই 3-in-1 একাউণ্ট এটা আপুনি SBI, Axis Bank, ICICI Bank, Zerodha, Angel Broking আদি সকলোৰে ভিতৰত যিকোনো এটাত খুলি ল’ব পাৰিব।
মোৰ মতে, আপোনাৰ আগৰে পৰা বেঙ্ক একাউণ্ট থাকিলেও এনে এটা নতুন 3-in-1 account খুলি লোৱা ভাল। যিমানখিনি টকা আপুনি ষ্ট’ক মাৰ্কেটত invest কৰিম বুলি ভাবিছে, সিমানখিনি টকাহে আপোনাৰ মেইন বেঙ্ক একাউণ্টৰ পৰা এই 3-in-1 একাউণ্টৰ ভিতৰৰ বেঙ্ক একাউণ্টলৈ transfer কৰি ল’ব। এইটো এটা safety precaution ।
NEXT: Demat Account কি?