Stock Market Course Image

App for Stock Trading

Which App is suitable for Stock Market is explained in Assamese language in this post.


#stockmarket  #nifty50   #sensex   #zerodha  #groww


যোৱাকালি এজনে সুধিছিল যে ষ্ট’ক মাৰ্কেটত share কিনা-বেচা কৰিব খুজিছোঁ, কোনটো App বেছি ভাল হ’ব?

ইয়াৰ উত্তৰ একে আষাৰতে দিব নোৱাৰি। আমি কেইবাটাও দিশ চাব লগা হয়।

প্ৰথম কথা হৈছে #zerodha #groww আদি যিকোনো App-য়েই share কিনা-বেচাৰ সুবিধা দিব। সেইদৰে Angel Broking, SBI Securities, Sharekhan  আদিৰ App-য়েও একেই সুবিধা দিব। 

কিন্তু আচল কথা হৈছে share কিনা-বেচা কৰিব পৰাকৈ প্ৰথমে জ্ঞান আহৰণ কৰা হ’ল নে নাই? Share কিনা-বেচা কৰি consistently profit কৰিব পৰাকৈ এটা পদ্ধতি বিছাৰি পোৱা গৈছে নে নাই?

যদি নাই হোৱা তেনেহ’লে এতিয়া App ল’বলৈ সময় হোৱা নাই। আগতে শিকি-বুজি ল’ব লাগে। নহ’লে বহুত টকা লোকচান হ’ব ষ্ট’ক মাৰ্কেটত। সেয়ে প্ৰথমতে অন্ততঃ মোৰ  “Stock Market-ৰ পৰা Profit কৰক” কৰ্চটো কৰি ল’ব লাগে। 

যদি শিকা হ’ল, তেনেহলে App ল’ব পৰা হৈছে। কোনটো App suitable হ’ব সেইটো নিৰ্ভৰ কৰিব বছৰি কিমান account maintenance charge লয়, প্ৰতিবাৰ কিনা-বেচা কৰোতে commission কিমান কাটে, order এটা দিয়াৰ সময়ত কি কি ধৰণৰ সুবিধা দিয়ে, App-টোৱে তথ্যবোৰ কিমান সঘনাই up-to-date কৰি থাকে,  আদি বিভিন্ন কাৰণৰ ওপৰত। এই কাৰণসমূহৰ বিষয়েও ওপৰত উল্লেখ কৰা কৰ্চটোত আলোচনা কৰা হৈছে। 

সেইবাবে App এটা লোৱাৰ আগতে এই কাৰণবোৰ বিশ্লেষণ কৰি কোনটো আপোনাৰ বাবে suitable হ’ব সেইটো নিৰ্ণয় কৰি ল’ব লাগে। 


We value your feedback.
How many stars will you give to this post?
[Total: 0 Average: 0]

Comments

Please give your feedback on the content:

Discover more from LEARN EASILY

Subscribe now to keep reading and get access to the full archive.

Continue reading