Share Market analysis on 16-July-22

Dt 16 July 2022 Saturday:

#stockmarket  #nifty50   #sensex   #zerodha  #groww

যোৱা সপ্তাহ আৰু এই সপ্তাহত হোৱা শ্বেয়াৰ মাৰ্কেটৰ তল-ওপৰ দেখি এনে এটা ধাৰণা হৈছে যে মাৰ্কেট আৰু বেছি তললৈ নাযাব পাৰে। 

তললৈ যোৱাৰ সম্ভাৱনা এতিয়াও আছে, সেইটো নোহোৱা হোৱা নাই, কিন্তু এনে লাগিছে যে bottom পাইছোহি নেকি!

Oct’21-ৰ peak-ৰ পৰা nifty আৰু sensex প্ৰায় 20% মান তললৈ নামিল। ভাল ভাল কোম্পানীবোৰৰ শ্বেয়াৰবিলাকো 20% – 50% তললৈ নামিছে। 

(অৱশ্যে তাৰে মাজতে কেইটামান কোম্পানীৰ শ্বেয়াৰ আকৌ ওপৰলৈহে উঠিছে। শ্বেয়াৰ মাৰ্কেটত এনেকুৱা হৈয়েই।)

নিজৰ হাতত থকা শ্বেয়াৰবিলাকৰ দাম বহুত কমি যোৱা দেখি নতুন বা অনভিজ্ঞ সকলে এনে সময়ত শ্বেয়াৰবিলাক বিক্ৰী কৰি দিয়ে। এইটো এটা ডাঙৰ ভুল। নতুন থাকোতে ময়ো কৰিছিলো এই ভুলটো কেইবাবাৰো।

এই সপ্তাহত কিছুমান fundamentally strong শ্বেয়াৰে  BUY signal দিছে technical analysis-ৰ দিশৰ পৰা। যোৱা কেইমাহত 20-50% পৰ্য্যন্ত দাম কমাৰ পিছত এতিয়া এই শ্বেয়াৰ কেইটা কিনিব পৰা হৈছে।

মই দুটা কিনিছো long term investment হিচাবে। কোনকেইটা কিনিছো আৰু কি ধৰণৰ analysis কৰি কিনিছো সেইবিষয়ে মোৰ “Fundamental আৰু Technical Analysis” কৰ্চটোৰ ভিতৰত আলোচনা কৰিছো example হিচাবে। ইয়াক “শিকা কথাখিনি real life-ত practically ব্যৱহাৰ কৰাৰ” উদাহৰণ বুলিও ক’ব পাৰি।

যিসকলে মোৰ এই কৰ্চটো কৰিব তেওঁলোকে এই ধৰণৰ উদাহৰণ আৰু পাব। ইচ্ছা কৰিলে তেওঁলোকে এই শ্বেয়াৰবোৰ কিনি যাব পাৰে নিজৰ কাৰণে। কেতিয়াবা options trading-ৰ উদাহৰণো থাকিব কৰ্চটোত।

কৰ্চৰ দামটোতকৈ (Rs 4,720/- including GST) এই ধৰণেৰে কৰা investment বা trading-ৰ পৰা হোৱা লাভ বহুত বেছি হ’ব।‌ 

কোনোবাই কৰ্চটো কিনিলে মোৰ লাভ হয়।‌ লগতে তেখেতৰো লাভ হ’ব।

কৰ্চটো নিকিনিলেও,  investment আৰু trading-ৰ পৰা মোৰ লাভ যে হৈ থাকে সেইটো ইতিমধ্যে গম পাইছেই।

পাৰ্থক্য এইটোৱেই যে দ্বিতীয় ক্ষেত্ৰত লাভ একমাত্ৰ মোৰ হয়। আনহাতে প্ৰথম ক্ষেত্ৰত লাভ মোৰ লগতে মোৰ ক’ৰ্চত যোগদান কৰা ব্যক্তিসকলৰো হয়। 

কথাটো ভাবি চাবচোন কোনটো বেছি ভাল।


আপুনি যদি শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে শিকিব খুজিছে, তেনেহলে আমাৰ কৰ্চ কৰিলে বহুত উপকাৰ পাব:

Course 1 (for beginners):

Stock Market-ৰ পৰা Profit কৰক – LEARN EASILY (learn-easily.com)

Stock Market Course Image

Course 2

Fundamental আৰু Technical Analysis – LEARN EASILY (learn-easily.com)

Course Image of F&TA Asm

We value your feedback.
How many stars will you give to this post?
[Total: 0 Average: 0]

Comments

Please give your feedback on the content:

Discover more from LEARN EASILY

Subscribe now to keep reading and get access to the full archive.

Continue reading