সুস্থ হৃদপিণ্ড

Heart featured image

লেখিকা:

লুকীমা বৰুৱা (M. Sc. Home Science)

অৱসৰপ্ৰাপ্ত স্বাস্থ্যশিক্ষা বিষয়া

অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়, অসম


সুস্থ হৃদপিণ্ডৰ বাবে সতৰ্কতাৰ প্ৰয়োজন

আপুনি জানেনে যে ৰাতি শুই থাকোঁতে মৃত্যু ঘটা ঘটনাৰ অধিকাংশৰ কাৰণ হৈছে হাৰ্টৰ অসুখ!

ইয়াৰ সকলোতকৈ ভয়াবহ দিশটো কি?

বহু সময়ত এই অসুখে কোনো আগজাননী নিদিয়ে অৰ্থাৎ লক্ষণ নেদেখুৱাই। গতিকে, হৃদপিণ্ডখন সুস্থ ৰাখিবলৈ যত্ন কৰক, এই ৰোগৰ কাৰকসমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰক আৰু সেইয়া যিমান সম্ভৱ প্ৰতিৰোধ কৰিবলৈ চাওক।

  • হৃদপিণ্ডৰ কাম কি?
  • হাৰ্টৰ অসুখৰ কাৰণসমূহ
  • অধিকাংশ মানুহে ভোগা হাৰ্টৰ অসুখবিধ কি?
  • ইয়াৰ প্ৰতিৰোধৰ উপায় আছে নেকি?

আহাৰৰ জড়িয়তে কিদৰে হৃদপিণ্ড সুৰক্ষিত ৰাখিব পাৰি, হাৰ্টৰ অসুখ হ’লে কেনে ধৰণৰ আহাৰ খাব লাগে ইত্যাদিৰ বাবে ডায়েটিচিয়ানৰ পৰামৰ্শ লোৱা অতি জৰুৰী।


 হৃদপিণ্ডৰ কাম কি?

আমাৰ বুকুৰ বাওঁফালে থকা এই অংগটোৰ প্ৰধান কাম হৈছে শৰীৰৰ বিভিন্ন অংগলৈ অক্সিজেনযুক্ত বিশুদ্ধ তেজ পাম্প কৰি পঠিওৱা আৰু ইয়ালৈ প্ৰবাহিত হোৱা দূষিত তেজখিনি শোধন কৰা। হৃদপিণ্ডৰ মাংসপেশীৰ সংকোচন আৰু সম্প্ৰসাৰণৰ দ্বাৰা এক নিয়মীয়া ব্যৱধানত তেজ পাম্প কৰে, যাক আমি বুকুৰ ধপ্ধপনি বুলি কওঁ।

জীৱৰ জীৱন প্ৰক্ৰিয়া চলি থাকিবৰ বাবে হৃদপিণ্ডই অবিৰত ভাবে কাম কৰি যাব লাগে। হৃদপিণ্ডৰ প্ৰতিতো স্পন্দনেআমাক জীয়াই থকাৰ অনুভৱ দিয়ে। হৃদপিণ্ডৰ সংলগ্ন ৰক্তবাহী নলীৰ দ্বাৰা প্ৰবাহিত হোৱা অক্সিজেন-আৰু-পুষ্টি-উপাদানযুক্ত তেজে হৃদপিণ্ডক কৰ্মক্ষম কৰি ৰাখে।


হাৰ্টৰ অসুখৰ কাৰণসমূহ

যদিও হাৰ্টৰ অসুখৰ বহুতো কাৰক আছে, ইয়াৰ কিছুমান আমি অলপ সাৱধান হ’লে এৰাই চলিব পাৰো। এই বিষয়ে তলত আলোচনা কৰা হ’ল।

আমি দমন কৰি ৰাখিব পৰা কাৰকসমূহ :

  1. অনুপযোক্ত আহাৰ (unbalanced diet)
  2. তেজত চৰ্বিৰ মাত্ৰা
  3. মধুমেহ (ডায়েবেটিচ)
  4. কম পৰিমাণৰ শাৰীৰিক শ্ৰম
  5. উচ্চ ৰক্তচাপ (High Blood Pressure)
  6. মেদবহুলতা
  7. উদ্বেগ/ শাৰীৰিক আৰু মানসিক চাপ (tension)
  8. চিগাৰেট সেৱন (Smoking)

আমি দমন কৰিব নোৱাৰা কাৰকসমূহ:

  1. বয়স
  2. লিংগ (Gender)
  3. বংশগত কাৰক
  4. অন্য ৰোগৰ পৰা হ’ব পৰা আশংকা

কম বয়সীয়া মহিলাৰ তুলনাত পুৰুষসকল অধিক ভাৱে এই ৰোগত ভোগে। আনহাতে, ঋতুস্ৰাৱ বন্ধ হোৱা মহিলাৰ ক্ষেত্ৰত এই ৰোগৰ আশংকা বেছি।


হাৰ্টৰ অসুখৰ কাৰকসমূহ দমন কৰি বা নিম্নমানত ৰখাৰ উপায়

ওপৰত আলোচনা কৰাৰ দৰে দমন কৰি ৰাখিব পৰা কাৰক সমূহ কিছুমান পদক্ষেপৰ দ্বাৰা নিশ্চয় নিম্ন মানত ৰাখিব পৰা যায়। সেয়া হৈছে সুষম আহাৰ গ্ৰহণ, শৰীৰৰ ওজন সঠিক ৰাখা, শাৰীৰিক ব্যায়াম, যথাসম্ভৱ মানসিক ঢাপমুক্ত হৈ থকা, যোগাসন আদি।


আপোনাৰ পৰিয়ালৰ যদি কাৰোবাৰ হাৰ্টৰ অসুখ আছে, তেনেহ’লে কিদৰে হৃদপিণ্ড সুৰক্ষিত ৰাখিব পাৰি, হাৰ্টৰ অসুখ হ’লে কেনে ধৰণৰ আহাৰ খাব লাগে, আৰু , তেখেতৰ উপযোগী খাদ্য তালিকাৰ (Diet Chart) বাবে লেখিকাৰ লগত যোগাযোগ কৰক:

Mrs. Lukima Baruah in Chamber

লুকীমা বৰুৱা (ডায়েটিচিয়ান)

অৱসৰপ্ৰাপ্ত স্বাস্থ্যশিক্ষা বিষয়া

অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়, অসম

ম’বাইল নং: 9864076716

হোৱাটচ-এপ্ নং : 8638285044

ইমেইল : lukimaboroowa@gmail.com


অধিকাংশ মানুহে ভোগা হাৰ্টৰ অসুখ বিধ হৈছে কৰ’নেৰী হাৰ্টৰ অসুখ। যেতিয়া হৃদপিণ্ডলৈ অক্সিজেনযুক্ত তেজৰ সৰবৰাহ কমি যায়, সেই অৱস্থাত হোৱা হাৰ্টৰ অসুখক কোৱা হয় কৰ’নেৰী হাৰ্টৰ অসুখ।

(… আগলৈ…)


We welcome your comments (Please log-in to comment) or (You may use your Google, Facebook, Twitter or wordpress.com account)

%d bloggers like this: