পঢ়াৰ ঠাইত বিশুদ্ধ বায়ুৰ গুৰুত্ব:
তোমাৰ পঢ়াৰ ঠাইত পৰিষ্কাৰ আৰু বিশুদ্ধ বায়ু যাতে সহজে প্ৰবাহিত হ’ব পাৰে তাৰ ব্যৱস্থা কৰা উচিত। আমি আগতে দেখিছোঁ যে পঢ়োতে মানসিক পৰিশ্ৰম হয় আৰু এই কামত বহু শক্তি খৰচ হয়। এই শক্তি যোগান ধৰিবলৈ আমাৰ শৰীৰক বায়ুত থকা অক্সিজেনৰ প্ৰয়োজন হয়। যদি শৰীৰে সময়মতে প্ৰয়োজনীয় পৰিমাণৰ অক্সিজেন নাপায়, তেন্তে শক্তিৰ অভাৱ হয় আৰু আমাৰ সোনকালে ভাগৰ লাগে। ফলত মনোযোগ ভঙ্গ হয় আৰু পঢ়াটো অসম্ভৱ হৈ পৰে।
সেয়ে, যদি তোমাৰ পঢ়াৰ ঠাইখন খোলা খিৰিকিৰ বা দুৱাৰৰ ওচৰত হয়, য’ত বায়ু সহজে প্ৰবাহিত হ’ব পাৰে, তেন্তে সেইটো বেছি উপযুক্ত।

ইয়াত উল্লেখযোগ্য যে—যদি তুমি কোঠাৰ সকলো দুৱাৰ-খিৰিকি বন্ধ কৰি ফেন চলোৱা, তেন্তে তোমাৰ শৰীৰত বায়ুৰ স্পৰ্শ অনুভৱ হ’ব। কিন্তু এই বায়ু মুক্ত বিশুদ্ধ বায়ু নহয়—ই বন্ধ কোঠাৰ ভিতৰৰ বায়ু। তুমি প্ৰতিটো শ্বাস লোৱাৰ সময়ত এই বায়ুত থকা অক্সিজেনৰ এটা অংশ কাৰ্বন-ডাইঅক্সাইডলৈ ৰূপান্তৰিত কৰা। ফলত, বায়ুত অক্সিজেনৰ পৰিমাণ ধীৰে ধীৰে কমি যায় আৰু কাৰ্বন-ডাইঅক্সাইডৰ পৰিমাণ বাঢ়ে। এই কাৰণে, প্ৰতিটো শ্বাসত তোমাৰ শৰীৰে প্ৰয়োজনীয় অক্সিজেন নাপায় আৰু মনোযোগ সোনকালে ভাঙি যায়।
সেয়ে, বন্ধ কোঠাত দীঘলীয়া সময় ধৰি পঢ়াটো উপযুক্ত নহয়।
বন্ধ কোঠাত দীঘলীয়া সময় ধৰি পঢ়াৰ (বা যিকোনো কাম কৰাৰ) পৰা বিৰত থকাৰ আন এটা অতি গুৰুত্বপূর্ণ কাৰণ হ’ল—কাৰ্বন মন’অক্সাইড গেছৰ ধীৰ বিষকাৰী প্ৰভাৱ। আমি জানো—বায়ুত অক্সিজেন, নাইট্ৰ’জেন, কাৰ্বন-ডাইঅক্সাইড আদি উপাদানৰ উপৰিও কম পৰিমাণৰ বহু আন গেছো থাকে। কাৰ্বন মন’অক্সাইড (CO) তেনে এটা গেছ, যি বায়ুত অতি কম পৰিমাণত থাকে। কিন্তু এই কম পৰিমাণৰ কাৰ্বন মন’অক্সাইডও আমাৰ শৰীৰৰ বাবে যথেষ্ট ক্ষতিকাৰক। আৰু যদি ইয়াৰ পৰিমাণ অলপো বৃদ্ধি পায়, তেন্তে ইয়াৰ ক্ষতিকাৰক প্ৰভাৱ বহু গুণে বাঢ়ে।

বিজ্ঞানীসকলে পোৱা অনুসন্ধান অনুসৰি, বহু ক্ষেত্ৰত কাৰ্বন মন’অক্সাইড গেছ কাৰ্বন-ডাইঅক্সাইডতকৈও অধিক বিপদজনক। যদি শ্বাস লোৱাৰ সময়ত কাৰ্বন-ডাইঅক্সাইড গেছ হাঁওফাঁওত সোমায়, তেন্তে হাওঁফাওঁ য়ে সেইটো গ্ৰহণ নকৰে আৰু নিশ্বাসৰ সময়ত বাহিৰলৈ উলিয়াই দিয়ে। সেয়ে এই গেছৰ পৰা ক্ষতি বিশেষ নহয়।
কিন্তু যদি শ্বাস লোৱাৰ সময়ত কাৰ্বন মন’অক্সাইড গেছ হাওঁফাওঁত সোমায়, তেন্তে সি হাওঁফাওঁৰ অক্সিজেন গ্ৰহণ কৰিব পৰা ক্ষমতা হ্ৰাস কৰে। ফলত, হাওঁফাওঁ ধীৰে ধীৰে দুৰ্বল হৈ পৰে আৰু শৰীৰে প্ৰয়োজনীয় অক্সিজেন পোৱা কমি যায়।
এইটো মনত ৰাখিব লাগে—আমাৰ প্ৰত্যেক শ্বাস-প্ৰশ্বাসত অলপ পৰিমাণে কাৰ্বন-ডাইঅক্সাইডৰ লগতে কাৰ্বন মন’অক্সাইডো উৎপন্ন হয়। যদি মুক্ত বায়ু প্ৰবাহৰ সুবিধা থাকে, তেন্তে এই দুয়োটা ক্ষতিকাৰক গেছ বতাহৰ সৈতে বাহিৰলৈ ওলাই যায়। কিন্তু বন্ধ কোঠাত এই গেছবোৰ বাহিৰলৈ যাব নোৱাৰাৰ বাবে, কাৰ্বন মন’অক্সাইডৰ পৰিমাণ বাঢ়ি যায় আৰু এইটো আমাৰ বাবে বিপদজনক হৈ পৰে।
সেয়ে, মই আকৌ এবাৰ তোমাক মনত পেলাই দিছোঁ—সদায় এনে ঠাই বাচি ল’বা, য’ত মুক্ত বায়ু সহজে চলাচল কৰিব পাৰে।
যদি তোমাৰ পঢ়াৰ কোঠাত কোনোবাই ধুমপান কৰে, তেন্তে বিশুদ্ধ বায়ুৰ মুক্ত প্ৰবাহৰ প্ৰয়োজন আৰু বেছি গুৰুত্বপূর্ণ হৈ পৰে। কাৰণ, চিগাৰেটৰ ধোঁৱাত কাৰ্বন মন’অক্সাইডৰ লগতে আন বহুতো ক্ষতিকাৰক গেছ থাকে, যিবোৰ কাৰ্বন মন’অক্সাইডৰ দৰে বিপদজনক।

ইয়াৰ উপৰিও, এটা জ্বলি থকা চিগাৰেটৰ পৰা আমাৰ শ্বাস-প্ৰশ্বাসত উৎপন্ন হোৱা পৰিমাণতকৈ বহু বেছি কাৰ্বন মন’অক্সাইড উৎপন্ন হয়। তুমি নিশ্চয় শুনিছা—বিজ্ঞানীসকলে পোৱা অনুসন্ধান অনুসৰি, ‘পেছিভ স্ম’কিং’ (passive smoking) বা পৰোক্ষ ধুমপান কৰাটো নিজে ধুমপান কৰাতকৈও অধিক বিপদজনক।
যেতিয়া কোনোবাই ‘ফিল্টাৰ চিগাৰেট’ ধুমপান কৰে, তেতিয়া তেওঁৰ হাওঁফাওঁলৈ যোৱা ধোঁৱাখিনি কিছু পৰিমাণে ফিল্টাৰ হয়। কিন্তু যিখিনি ধোঁৱা ওচৰৰ ধুমপান নকৰা ব্যক্তিজনৰ নাকেদি (আৰু তাৰ ফলত হাওঁফাওঁলৈ) সোমায়, সেইখিনি চিগাৰেটৰ পৰা চিধা আহে—কোনো ধৰণৰ ফিল্টাৰ নোহোৱাকৈ। সেয়ে, যদি কোনোবাই তোমাৰ কোঠাত ধুমপান কৰে, তেন্তে খিৰিকিবোৰ সদায় খোলা ৰাখিবা।
Page 2 – পঢ়াৰ ঠাইত পোহৰৰ গুৰুত্ব
Page 4 – পঢ়াৰ সময়ত তোমাৰ শৰীৰৰ ভংগিমা (body posture)
