Crowd of people marching with Congress party flags and banners advocating vote for Congress in Assam

কংগ্ৰেছৰ চৰকাৰ অসমীয়া জাতিৰ বাবে ভাল হ’ব নে?

14-মাৰ্চৰ পষ্টত লিখিছিলো যে –

“এইবাৰ নিৰ্বাচনত কোনটো দল জিকি চৰকাৰ বনালে অসমীয়া জাতিৰ ভাল হ’ব বাৰু? … ইয়াৰ বাবে প্ৰতিটো দলৰ বিষয়ে বেলেগ বেলেগ কৈ আলোচনা কৰিম।”

28-মাৰ্চৰ পষ্টত AIUDF দলৰ বিষয়ে আলোচনা কৰিছিলো।  আজি কংগ্ৰেছৰ বিষয়ে আলোচনা কৰা যাৱক।

আমি সকলোৱেই জানো যে কংগ্ৰেছ এটা বহুত পুৰণা পাৰ্টি। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ দিনৰে পৰা এই পাৰ্টি আছে। পিছে সেই সময়ৰ কংগ্ৰেছ পাৰ্টি আৰু আজিৰ কংগ্ৰেছ পাৰ্টিৰ মাজত বহুত পাৰ্থক্য আছে। আজিৰ কংগ্ৰেছ পাৰ্টি নেহেৰু-গান্ধী পৰিয়ালৰ ব্যক্তিগত পাৰ্টি এটাৰ নিচিনা হৈছেগৈ।

যোৱা 40/45 বছৰ ধৰি দেখিছো যে অসমৰ বহুজন অসমীয়া কংগ্ৰেছী নেতাই অসমীয়াৰ উন্নতিৰ বাবে কাম কৰিব বিছাৰে; কিন্ত দলৰ high command-এ অনুমতি নিদিয়া বাবে কৰিব নোৱাৰে। কংগ্ৰেছৰ high command, অৰ্থাৎ নেহেৰু-গান্ধী পৰিয়াল আৰু পৰামৰ্শ দাতা সকলে সদায়েই অসম আৰু অসমীয়াক বঞ্চিত কৰিয়েই আহিছে।

* ভাৰত বিভাজনৰ সময়ত অসমক পূব পাকিস্তানক দি দিব বিছাৰিছিল। শ্ৰদ্ধেয় গোপীনাথ বৰদলৈ দেৱৰ বাবেহে আমি বাচি গলো।

* 1971-চনত বাংলাদেশ প্ৰতিষ্ঠা হোৱাৰ পিছত ইন্দিৰা গান্ধীয়ে শৰণাৰ্থীবিলাকক বাংলাদেশলৈ ঘূৰাই নপঠালে। ডাঙৰ বোজা এটা অসমীয়াৰ ওপৰত জাপি দিলে। যাৰ বিষাক্ত পৰিণাম আমি আজিও ভুগি আছো।

* বাংলাদেশৰ পৰা অনুপ্ৰবেশ বন্ধ কৰাৰ ব্যৱস্থা নকৰিলে।

* সত্ৰ, বনাঞ্চল, চৰকাৰী মাটি বেদখল কৰিবলৈ সুবিধা কৰি দিলে।

এনে ধৰণৰ বিভিন্ন কাৰ্য্য।

তাৰোপৰি 2021-চনৰ নিৰ্বাচনত AIUDF-ৰ লগত মিত্ৰতা কৰি নিজৰ অসমীয়া বিৰোধী স্বৰূপটো ঊদঙাই  দিলে।

সেইবাবেই আমি বুজিব পাৰো যে কংগ্ৰেছ আকৌ শাসনলৈ আহিলে অসমীয়া জাতিটো বহুত অসুবিধাত পৰিব।

সেয়ে মোৰ ধাৰণাত  কংগ্ৰেছক ভোট দিব নালাগে।

আপোনালোকে কি ভাবে কমেন্ট কৰিবচোন। 

Click here to comment

We value your feedback.
How many stars will you give to this post?
[Total: 3 Average: 4.3]

Comments

Please give your feedback on the content:

Discover more from LEARN EASILY

Subscribe now to keep reading and get access to the full archive.

Continue reading